Breaking

কামৰূপ জিলাত ভোটাৰ অন্তৰ্ভূক্তিৰ সংশোধিত প্ৰ-পত্ৰ আনুষ্ঠানিক ভাৱে মুকলি

0 1,284

দেশৰ অন্য ঠাইৰ লগতে কামৰূপ জিলাতো কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আজি উপায়ুক্ত কাৰ্যালৰ সভাকক্ষত জিলা নিৰ্বচন বিষয়াৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত নিৰ্বাচন আয়োগৰ দ্বাৰা শেহতীয়াকৈ সংশোধিত প্ৰ-পত্ৰ- ৬, প্ৰ-পত্ৰ-৭ আৰু প্ৰ-পত্ৰ-৮ আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ লগতে ভোটাৰ আধাৰ সংযোগীকৰণৰ প্ৰ-পত্ৰ ৬(খ) মুকলি কৰে।উল্লেখ্য যে ৰিপ্ৰজেন্টেশ্যন অৱ পিপুল এক্ট ১৯৫০ৰ শেহতীয়া সংশোধনী অনুসৰি এতিয়াৰে পৰা ২০২৩ বৰ্ষৰ যি কোনো সময়ত ১৮ বছৰ হবলগীয়া ভোটাৰে নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন কৰিব পাৰিব। নতুন অন্তৰ্ভূক্তি বছৰৰ ৪টা ভিত্তি দিন হিচাপে লৈ কৰা হ’ব। ২০২৩ বৰ্ষৰ ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰক ভিত্তি দিন হিচাপে লৈ ৪বাৰ ভোটাৰ তালিকা প্ৰকাশ পাব। ইয়াৰ উপৰি প্ৰ-পত্ৰ ৬(খ) পূৰণৰ জৰিয়তে নতুন ভোটাৰে আধাৰ নম্বৰ সংলগ্ন কৰাৰ উপৰি বৰ্তমানৰ ভোটাৰেও আধাৰ নম্বৰ সংলগ্ন কৰিব লাগিব। ২০২৩ বৰ্ষৰ পহিলা এপ্ৰিলৰ ভিতৰত আধাৰ নম্বৰ সংলগ্ন কৰিব লাগিব।

তদুপৰি ২০২৩ বৰ্ষৰ যিকোনো সময়তে ১৮ বছৰ হ’ব লগীয়া নতুন ভোটাৰে ২০২২ বৰ্ষৰ ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ দিনৰ পৰা প্ৰ-পত্ৰ ৬ পূৰণ কৰি আৱেদন কৰিব পাৰিব। আজি মুকলি কৰা প্ৰ-পত্ৰ ৬ ভোটাৰ পঞ্জীয়ন, প্ৰ-পত্ৰ-৭ নাম কৰ্তন, প্ৰ-পত্ৰ-৮ তথ্য সংশোধন আৰু প্ৰ-পত্ৰ ৬ (খ) আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ আই ডি সংযোজিতকৰণ বাবে ব্যৱহৃত হ’ব। প্ৰ-পত্ৰ মুকলি অনুষ্ঠানৰ পিছতে আজি নতুন প্ৰ-পত্ৰ পূৰণ তথা আধাৰ সংলগ্ন কৰাৰ ওপৰত ই. আৰ. অ’, এই. আৰ. অ’, এচি. এল. এম. টি, ডি. এল. এম. টি. সকলৰ এক প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী উক্ত স্থানতে অনুষ্ঠিত হয়। অহা ৩ আৰু ৪ আগষ্টত সমষ্টি ভিত্তিত বি.এল.অ আৰু বি.এল.অ চুপাৰভাইচাৰ সকলক এই সম্পৰ্কে প্ৰশিক্ষণ কৰা হব। প্ৰ-পত্ৰ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণীতে নিৰ্বাচন বিষয়া মানসজ্যোতি বৰাই শেহতীয়া প্ৰ-পত্ৰ সংশোধনী তথা আধাৰ সংলগ্ন কৰাৰ ওপৰত চমু বক্তব্য প্ৰদান কৰে।

ইফ্তাজুল হকৰ প্ৰতিবেদন

Leave A Reply