Breaking

পুনৰ খেল পথাৰত ঋষভ পণ্ট! ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত ঋষভে খেলিবনে? পণ্টৰ এটা ইনষ্টাগ্ৰাম পোষ্ট…

0 71

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ৯ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব। এই খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ তাৰকা উইকেট কীপাৰ বেটছমেন ঋষভ পন্তৰ এটা পোষ্টে অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে। ৯ ফেব্ৰুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ভাৰতীয় ক্ৰিকেট দলে খেলিব। এই খেলখন নাগপুৰৰ ভিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই শৃংখলাত অ’পেনাৰ ৰোহিত শৰ্মাই টিম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব ল’ব। একে সময়তে উইকেটকীপাৰৰ দায়িত্ব ঈশান কিষানৰ কান্ধত থাকিব। কে এছ ভাৰতক বেকআপ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে ভাৰতীয় উইকেট কীপাৰ বেটছমেন ঋষভ পন্তৰ সন্দৰ্ভত এটা আপডেট –

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৪খন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন (ভিচিএ) ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ছবছৰৰ অন্তত ভাৰতৰ মাটিত টেষ্ট শৃংখলা খেলিব অষ্ট্ৰেলিয়াৰ দলটোৱে। ২০০৪ চনৰ পিছত ভাৰতত কোনো টেষ্ট শৃংখলাত জয়ী হোৱা নাই অষ্ট্ৰেলিয়াই। ২০১৭ চনত ভাৰতত খেলা শেষৰখন চাৰিখন মেচৰ টেষ্ট শৃংখলাত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰিছিল।

২০২২ চনৰ ৩০ ডিচেম্বৰত এক মাৰাত্মক গাড়ী দুৰ্ঘটনাৰ বলি হৈছিল ঋষভ পন্ত। দিল্লীৰ পৰা ৰুৰকিৰ নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত হয়। দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থাকি চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ পিছত পণ্টে আৰোগ্য ভাল কৰিছে। দুৰ্ঘটনাৰ পিছত একাধিক অস্ত্ৰোপচাৰ কৰা পণ্টে ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী পোষ্ট কৰি অনুৰাগীসকলক এটা ডাঙৰ আপডেট দিলে। পোষ্ট ছবিখনৰ সৈতে তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে – কেতিয়াও গম পোৱা নাছিল যে মই বহি বহি উশাহ ল’ব পাৰিম।

বৰ্তমান ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাত পণ্টে খেলাৰ কোনো সম্ভাৱনা নাই। চিকিৎসকে তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিছে। শেহতীয়াকৈ তেওঁৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে। প্ৰথমে তেওঁক ডেৰাডুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, তাৰ পিছত তেওঁক এয়াৰ এম্বুলেন্সৰ জৰিয়তে মুম্বাইলৈ অনা হৈছিল।

Leave A Reply