Breaking

ক্ৰমাৎ আৰোগ্য ঋষভ পন্ত! এই সপ্তাহতে ঋষভ পন্তক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ সম্ভাৱনা

0 59

এই সপ্তাহত ঋষভ পন্তক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ সম্ভাৱনা। অৱশ্যে শেহতীয়াৰ চিকিৎসা প্ৰতিবেদন অনুসৰি তেওঁ খেলপথাৰলৈ ঘূৰি আহিবলৈ প্ৰায় ৮ৰ পৰা ৯ মাহ সময় লাগিব পাৰে।ডিচেম্বৰৰ শেষ সপ্তাহত গাড়ী দুৰ্ঘটনাত বেয়াকৈ আহত হোৱা ঋষভ পন্ত অতি সোনকালে হ’ব হস্পিতালৰ পৰা ৰিলিজ দিয়া হ’ল যোৱা এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা ঋষভ এই সপ্তাহত ঘৰলৈ উভতি যাব পাৰিব। অৱশ্যে খেলপথাৰলৈ ঘূৰি আহিবলৈ তেওঁ বহু সময় লাগিব। সম্ভব যে তেওঁ হয়তো এই গোটেই বছৰটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি নাহিব। বৰ্তমান তেওঁ মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে, পথ দুৰ্ঘটনাৰ মাত্ৰ ৬ দিনৰ পিছত তেওঁক ডেৰাডুন হাস্পতালৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল।

ইনছাইড স্প’ৰ্টছৰ এক প্ৰতিবেদনত বিচিচিআইৰ এজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘তেওঁ আঘাতৰ পৰা ভালদৰে সুস্থ হৈ উঠিছে। চিকিৎসা দলৰ বাবে এয়া এক ভাল খবৰ। তেওঁৰ প্ৰথম অস্ত্ৰোপচাৰ সফল হৈছিল আৰু সেই কথা সকলোৱে শুনিব বিচাৰিছিল। এই সপ্তাহতে তেওঁক ডিচচাৰ্জ দিয়া হ’ব।

‘এমাহৰ ভিতৰত দ্বিতীয় অস্ত্ৰোপচাৰো হ’ব পাৰে’।
বিচিচিআইৰ সূত্ৰই জনোৱা মতে, ‘এমাহৰ ভিতৰত তেওঁৰ পুনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। আন এটা অস্ত্ৰোপচাৰ কৰিব নে নকৰে সেইটো এই চিকিৎসকসকলে সিদ্ধান্ত ল’ব। বিচিচিআইৰ চিকিৎসা দলটোৱে নিয়মীয়াকৈ ডাঃ পাৰদিৱালা আৰু চিকিৎসালয়খনৰ সৈতে যোগাযোগ কৰি থাকে। আমি আশা কৰিছো যে অতি সোনকালে তেওঁক পথাৰত দেখা পাম।

‘তেওঁৰ বাবে এদিনীয়া বিশ্বকাপ খেলাটো কঠিন’।
বিচিচিআইৰ বিষয়াই কয়, ‘এতিয়া আমি তেওঁৰ উভতি অহাৰ কথা ভবা নাই। বৰ্তমান কেৱল তেওঁৰ আৰোগ্যৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। কেতিয়া ঘূৰি আহিব ক’বলৈ এতিয়াও সোনকালে। বৰ্তমান তেওঁৰ শেহতীয়া চিকিৎসা প্ৰতিবেদন অনুসৰি তেওঁ খেলপথাৰলৈ ঘূৰি আহিবলৈ ৮ৰ পৰা ৯ মাহ সময় লাগিব পাৰে। আমি প্ৰাৰ্থনা কৰিছো যে তেওঁ বিশ্বকাপৰ পূৰ্বে ফিট হওক, যদিও ইয়াক কঠিন যেন লাগিছে।

Leave A Reply