Breaking

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…

0 15

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা

মুকলি বিহুত দৰঙী বিহু দল, কুঁৱৰীত শ্ৰেষ্ঠ সুস্মিতা গোহাঁই

চিত্ৰাংকনত মহাশ্বেতা, ৰিচাংক, অপৰাজিতা, মেঘনা শ্ৰেষ্ঠ

চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত যোৱা ২৭ আৰু ২৮ এপ্ৰিলত চপাই নেহৰু ময়দানত ৪৩ সংখ্যক চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনী হৈ যায়। এই উপলক্ষে ২৭ এপ্ৰিলত অনুষ্ঠিত হয় অসমীয়া ন পুৰণি গীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতা। দিনৰ ১১ বজাত বিশিষ্ট শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাই উদ্বোধন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুকুৰি নৱপ্ৰজন্মৰ প্ৰতিযোগীয়ে প্ৰৱল আত্মবিশ্বাসেৰে মঞ্চত উঠি গৈ কণ্ঠৰে নিগৰালে শ্যামল মিত্ৰ, বীৰেন্দ্ৰ কুমাৰ দত্ত, পুলক বেনাৰ্জী, দীপালী বৰঠাকুৰ, ৰামেশ্বৰ পাঠক, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ৰিদিপ দত্ত, প্ৰতিমা পাণ্ডে বৰুৱা, অনিমা চৌধুৰী, পাপন অংগৰাগ মহন্ত, জুবিন গাৰ্গকে ধৰি বিশিষ্ট শিল্পীৰ এটাৰ পিছত এটাকৈ কালজয়ী গীত। মঞ্চৰ সন্মুখত বহি থকা সহস্ৰাধিক সংগীত প্ৰেমীয়ে নৱপ্ৰজন্মৰ প্ৰতিভা দেখি উৎফুল্লিত হৈ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই শিল্পী সকলক উৎসাহিত কৰে। এনেদৰে প্ৰায় ৯ ঘণ্টাজুৰি ন পুৰণি গীতৰ মাজত মচগুল হৈ থাকিল নৱপ্ৰজন্মৰ শিল্পী আৰু সংগীত প্ৰেমী ৰাইজ। অসমীয়া গীতৰ অন্যন্য মহাৰণ মঙলদৈৰ ৰিশিতা সাহাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰিশিতা সাহাই ধনজিৎ দাস (বাবু) সোঁৱৰণী বঁটা আৰু নগদ পাঁচ হাজাৰ টকা লাভ কৰে।

অনাতাঁৰ শিল্পী ৰেণু শইকীয়া, ভাৰতী চহৰীয়া আৰু কাকুল চলিহাই বিচাৰক হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত আভিৰি নয়না দাসে দ্বিতীয় স্থান লাভ কৰি চন্দ্ৰপ্ৰভা চৌধুৰী সোঁৱৰণী বঁটা আৰু নগদ চাৰি হাজাৰ পাঁচশ টকা, তৃতীয় স্থানপ্ৰাপ্ত নিতুল ডেকাই বিদ্যাৰাম চহৰীয়া সোঁৱৰণী বঁটা আৰু নগদ তিনি হাজাৰ পাঁচশ টকা, চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰণামী বৰ্মণে জোনমণি বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ তিনি হাজাৰ টকা আৰু পঞ্চম স্থানপ্ৰাপ্ত ৰাগিনী চহৰীয়াই জাতীয় ছহিদ হৰিনাথ নাথ সোঁৱৰণী বঁটা আৰু দুহেজাৰ পাঁচশ টকা লাভ কৰে। আনহাতে তিতিক্ষা শৰ্মাই ষষ্ঠ, জোনাক নিবিড় কাশ্যপে সপ্তম, চোহেব চাবিৰ আহমেদে অষ্টম, নিবিড় কুমাৰ নাথে নৱম, অন্তৰীপ শিৱমে দশম আৰু মোজাহিদুল হকে একাদশ স্থান লাভ কৰি বঁটা আৰু নগদ পাঁচশ টকাকৈ লাভ কৰে। আনহাতে চিত্ৰশিল্পী মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই উদ্বোধন কৰা আৰু পংকজ চহৰীয়া, বিপুল চন্দ্ৰ ডেকা, অনিৰুদ্ধ ৰাভাই পৰিচালনা কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত মহাশ্বেতা দত্ত প্ৰথম, হিয়ান ৰয় দ্বিতীয়, বিভান্ত চহৰীয়া তৃতীয় আৰু ধ্ৰুৱিকা চাংকাকতি নিচুকণি বঁটা; ‘খ’ শাখাত ৰিচাংক বৰুৱা প্ৰথম, ৰাজদীপ চন্দ্ৰ ডেকা দ্বিতীয়, দীক্ষিতা শৰ্মা তৃতীয় আৰু স্নিগ্ধা দে নিচুকণি বঁটা; ‘গ’ শাখাত অপৰাজিতা দত্ত প্ৰথম, নিলাক্ষী ডেকা দ্বিতীয়, কৰণ তালুকদাৰ তৃতীয়; ‘ঘ শাখাত মেঘনা দেৱী প্ৰথম আৰু আলিছা ৰহমানে দ্বিতীয় স্থান লাভ কৰে।

গগণা বাদন প্ৰতিযোগিতাত অনুষ্কা কাশ্যপ প্ৰথম, যুগজয়ী শৰ্মা দ্বিতীয়, জ্যোতিস্মিতা দত্ত তৃতীয় আৰু প্ৰাচী দে’ই নিচুকণি বঁটা, পেপা বাদন প্ৰতিযোগিতাত খঞ্জন কুমাৰ ডেকা প্ৰথম, দেৱৰ্ষি কাশ্যপে দ্বিতীয় স্থান লাভ কৰে। ইফালে কুশৰাম ডেকা, মাধুৰী ডেকা, ৰূপেশ্বৰ ডেকা সোঁৱৰণী ভেশচন প্ৰতিযোগিতাত কুশল প্ৰীতম আৰু জুলিৰাণী কেওটৰ পুতলা নাচে প্ৰথম, নীলম কলিতাই লাচিত বৰফুকনৰ ভাও দি দ্বিতীয়, বিমান কুমাৰ ডেকাৰ দলে লাখপতি বাইদেউৰ ভাওত তৃতীয় স্থান, চয়নিকা ডেকা আৰু ৰুবিকা চাংকাকতিয়ে নিচুকণি বঁটা লাভ কৰে। নিশা নাট্যকৰ্মী কুমাৰেশ দত্তই উদ্বোধন কৰা মুকলি বিহু প্ৰতিযোগিতাত দৰঙী বিহু দল প্ৰথম, হাঁচতি বিহু দল দ্বিতীয়, ৰৌতাৰ অসমী বিহুৱা দলে তৃতীয় স্থান, বিহু কুঁৱৰী প্ৰতিযোগিতাত সুস্মিতা গোহাঁই প্ৰথম আৰু হিমাক্ষী মেধি দ্বিতীয় স্থান লাভ কৰে। ইফালে ২৮ এপ্ৰিলত হোৱা বিহুসুৰীয়া গীতত একক নৃত্য প্ৰতিযোগিতাত লনী ভাৱনা কাশ্যপ প্ৰথম, সৃষ্টি বৰা দ্বিতীয়, বৈশালী ডেকাই তৃতীয় স্থান লাভ কৰে। আনহাতে সাংস্কৃতিক কৰ্মী প্ৰিয় ডেকাই উদ্বোধন কৰা অসমীয়া গীতত দলীয় নৃত্য প্ৰতিযোগিতাত জুপিতৰা দল প্ৰথম, শংকৰদেৱ সঙ্গীত কলা কেন্দ্ৰ দ্বিতীয়, জাগ্ৰত ডান্স গ্ৰুপ তৃতীয়, গাঁৱৰ ছোৱালী দল আৰু ৰাইজিং জাগ্ৰত গ্ৰুপে নিচুকণি বঁটা লাভ কৰে। আনহাতে সন্ধিয়া মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালী দেৱী শৰ্মাই মঞ্চ উদ্বোধন কৰাৰ পিছতে দৰঙী বিহু দল, কপৌপাহি বিহু দলে বিহু নৃত্য, বুলবুল হুছেইনে কৌতুক আৰু সৌৰভ শংকৰে গীতৰ শৰাই আগবঢ়ায়।

Leave A Reply