Breaking

আৰক্ষী অধীক্ষকৰ সৈতে উপায়ুক্ত বিক্ৰম কৈৰীৰ মঠাউৰি পৰিদৰ্শন । শেহতীয়া অৱস্থাৰ চৰজমীন পৰীক্ষণ ।

0 1,170

উজনি-মাজুলী :  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে কালি ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেচামৰা-দক্ষিণপাট মঠাউৰি পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থাৰ চৰজমীন বুজ লয়। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ সৈতে প্ৰায় চাৰে তিনিঘণ্টা ধৰি মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ মঠাউৰিটোৰ প্ৰায় ৪০ কিলোমিটাৰ জোৰা অংশ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মাজুলী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামী আৰু গড়কাপ্তানী (পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দেৱব্ৰত ঘৰফলীয়াই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সহযোগ কৰে। উপায়ুক্ত  কৈৰীয়ে দক্ষিণপাট অংশৰ পৰা হালধিবাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিটো পৰিদৰ্শন কৰি মঠাউৰিৰ সুৰক্ষাৰে জড়িত দিশসমূহ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কালত মাজুলী জিলা প্ৰশাসনৰ মূৰব্বীগৰাকীয়ে কঢ়ালগাঁও, বনগাঁও, ধোঁৱাচলা, প’ৰাম, ৰতনপুৰ গায়ন, ময়েংগীয়া, মিছিং, কান্ধুলিমাৰী, লাছন, চিকাৰীগাঁও আৰু হালধিবাৰী অংশত একাধিক স্থানত গাড়ী ৰখাই মঠাউৰিৰ অৱস্থাৰ চাক্ষুক বুজ লয়। বনগাঁৱৰ পৰা কান্ধুলীমাৰী, লাচন, চিকাৰী আৰু সোণোৱাৰ কছাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিৰ একাধিক স্থানত শেহতীয়াকৈ দেখা দিয়া ৰেইনকাট আৰু পানীৰ উঁহ শীঘ্ৰে বন্ধ কৰাৰ বাবে উপায়ুক্ত  কৈৰীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে। তদুপৰি, ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলাখনৰ মঠাউৰিসমূহৰ সকলো অংশতে দিনে-নিশাই নজৰ ৰাখিবলৈ বিভাগৰ ফালৰ পৰা তহলদাৰী গোট নিয়োজিত কৰিবলৈও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক উপায়ুক্ত গৰাকীয়ে দিহা দিয়ে। বিশেষকৈ মঠাউৰিত ওলোৱা পানীৰ উঁহে যাতে বিপজ্জনক ৰূপ ল’ব নোৱাৰে, তাৰ প্ৰতি সকলো সময়তে সম্পূৰ্ণ সচেষ্ট হৈ থাকিবলৈও বিভাগটোক তেওঁ নিৰ্দেশ দিছে। আনহাতে, মঠাউৰিৰ লগতে গড়কাপ্তানী পথ হিচাপেও ইতিমধ্যে উন্নীত কৰা মঠাউৰিটোৰ বনগাঁৱৰ পৰা সোণোৱাল কছাৰীৰ মাজৰ অংশসমূহত গড়কাপ্তানী বিভাগৰ ৰেইন ড্ৰেইনৰ ফলত মঠাউৰি সবলীকৰণৰ বাবে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মঠাউৰিৰ চাইদ-বাৰ্মত সৃষ্টি হোৱা ৰেইনকাটসমূহ ততালিকে মেৰামতি কৰিবলৈ গড়কাপ্তানী বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। এই অংশসমূহত গড়কাপ্তানী বিভাগে বনোৱা পথৰ ৰেইন-ড্ৰেইনসমূহ চাইদ-বাৰ্মৰ ওপৰতে শেষ নকৰি তললৈকে সম্প্ৰসাৰণ কৰি বৰষুণে যাতে মঠাউৰিৰ চাইদ-বাৰ্মৰ মাটি খহাই নিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে দুয়োটা বিভাগকে নিৰ্দেশ দিছে।

Leave A Reply