Breaking

জাগুনৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

0 2,029

মিথ্যাচাৰত পৰিণত বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিশ্ৰুতি ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰি বাঃ বাঃ লোৱা জন প্ৰতিনিধি ভাস্কৰ শৰ্মা এতিয়া ৰাইজৰ সমালোচনাৰ পাত্ৰ। শীঘ্ৰেই ৰাইজৰ জংগী আন্দোলনৰ সন্মুখিন হোৱাৰ আশংকা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ জাগৰী বন গাওঁৰ মূল পথটোৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে সমগ্ৰ গাঁওবাসীক । পথছোৱাৰ ভালে সংখ্যক অংশত এতিয়া পুখুৰী সদৃশ গাঁত ৷ পথটোৰ শোচনীয় অৱস্থাৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগীক চিকিৎসালয়লৈ অনা-নিয়া কৰা, ৰাইজৰ হাট বজাৰলৈ অহা যোৱা কৰা ইত্যাদি ইত্যাদি এশ এবুৰি সমস্যাই দেখা দিছে। গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ২০২১চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ নেতা পালি নেতা তথা স্বয়ং সেই সময়ৰ প্ৰতাপী বিধায়ক ভাস্কৰ শৰ্মাই বাৰিষাৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিধায়ক গৰাকীয়ে দিয়া সেই প্ৰতিশ্ৰুতি যে মিথ্যাচাৰৰ বাদে আন একো নাছিল সেইয়া পথটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাই প্ৰমাণ কৰিছে। উক্ত পথছোৱা পকীকৰণটো বাদেই আজি পৰ্য্যন্ত এটা শিল গুটিও পেলোৱা পৰিলক্ষিত নহল ৷ উল্লেখ্য যে অঞ্চলটোৰ সৰহ সংখ্যক লোকে তেখেত সকলৰ খেতিত উৎপাদিত কেঁচা চাহ পাত,তামোল,শাক পাচলি ইত্যাদি সামগ্ৰী সমূহ বিক্ৰী কৰাৰ সময়ত উক্ত পথেৰে সৰু সৰু গাড়ীৰে বজাৰলৈ নিব লগা হয়। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে বৰ্তমানৰ পথছোৱাৰ শোচনীয় অৱস্থাৰ ফলত গাওঁ বাসীয়ে তেখেত সকলৰ খেতিত উৎপাদিত সামগ্ৰী সমূহ বহু দূৰ চাইকেল অথবা পিঠিত বুকি নিব লগা হোৱাত চৰম বিপদৰ সন্মুখীন হৈছে।গাঁওবাসীয়ে সংবাদ মাধ্যমৰ যোগেদি সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাক অতি সোনকালে পথছোৱা নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে।

Leave A Reply