Breaking

কপিল দেৱ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিৰ নামত মেলবৰ্ণত ৰাস্তা ।

0 1,151

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

ভাৰতীয় ক্রিকেটাৰ কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি, এই তিনি তাৰকাৰ নামত ৰাস্তাৰ নামকৰণ কৰা হৈছে। কিন্তু ভাৰতৰ নহয় বিদেশৰ ৰাস্তাহে নামকৰণ কৰা হৈছে৷ ভাৰতীয় এই তিনি তাৰকাৰ লগতে আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেক কালিছ৷ তেওঁলোকৰ প্ৰত্যেকৰে নামত মেলবৰ্ণত ৰাস্তাৰ নামকৰণ কৰা হৈছে৷ এইখন মহানগৰীৰ পশ্চিমাঞ্চলৰ ৰকবেংক এলেকাৰ ৰাস্তাবোৰৰ নাম এইসকল কিংবদিন্তৰ নামেৰে কৰা হৈছে৷ ইয়াত মাষ্টাৰ ব্লাষ্টাৰৰ পথৰ নাম ‘তেণ্ডুলকাৰ ড্ৰাইভ’৷ কপিল দেৱ আৰু কোহলিৰ নামত ৰাস্তা দুটা হ’ল ‘দেৱ টেৰেছ’ আৰু ‘কোহলি ক্ৰেছেণ্ট’৷ 

Leave A Reply