Breaking

গ্ৰাম্যাঞ্চলৰ পথসমূহ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ পৰা আজিও বঞ্চিত । কুঁজিবালি চটাই আলি পৰা হাৰিপৰা আলি সংযোগী পথচোৱা বিধ্বস্তৰূপ

0 1,279

গেলেকী :  শিৱসাগৰ জিলা অন্তৰ্গত ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টি হাঁহচৰা গাঁও পঞ্চায়তৰ এলেকা ১০ নং মৈৰামৰা ৱাৰ্ড  আৰু ৭ নং জাঠিপতীয়া ৱাৰ্ডৰ অন্তৰ্গত কুজিবালি চটাই আলি সংযোগী লংকাক গোঁহাই সম্প্ৰসাৰিত প্রায় আঢ়ৈ কিঃ মিঃ আলি গোবাটলৈ পৰিণত হৈছে। এইটো অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ অতি প্ৰয়োজনীয় পথ। যিটো পথ বাৰিষা খৰালিৰ কোনো চিন নাই সমানেই বোকা পানী। প্রায় ৭০ দশকৰ পৰা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনত থকা এই পথটো আজি পৰ্য্যন্ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ নোহোৱাৰ অভিযোগ ৰাইজৰ। বিগত সময়ত ১০৮ নং শিৱসাগৰ বিধান সভাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰা কেইবাজনো বিধায়কক স্থানীয় ৰাইজে কেইবাবাৰো আবেদন নিবেদন কৰিও  আজি পৰ্যন্ত কোনো সঁহাৰি পোৱা নাই। উল্লেখ্য যে এই পথেদি হাঁহচৰা উচ্চ মাধ্যমিক, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১০১৮ নং শলগুৰীয়া প্ৰাথমিক বিদ্যালয়, বোকানগৰ প্ৰাথমিক বিদ্যালয় আৰু হাঁহচৰা মজলীয়া বিদ্যালয়কে ধৰি শলগুৰীয়া গাঁও বোকানগৰ, মৈৰামৰা সত্রৰ প্রায় ৫০০ ঘৰৰ অধিক পৰিয়াল থকা লোক দৈনিক অহা যোৱাৰ একমাত্ৰ পথটো যাতায়তৰ একেবাৰে বিধ্বস্ত হৈ পৰিছে। বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈকো পথটো দৃষ্টিগোচৰ কৰোৱা হয়। লগতে উক্ত পথটোৰ সন্দৰ্ভত স্থানীয় ৰাইজে পথটো পকীকৰণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো বহুবাৰ আবেদন নিবেদন কৰি আহিছে। যদিও আজি পৰ্য্যন্ত বিভাগীয় কৰ্তৃপক্ষই মৌনতা অৱলম্বন কৰি গৈছে। আনহাতে পথটো নিৰ্মাণ নকৰাত ৰাইজে ক্ষোভ প্রকাশ কৰাৰ লগতে ২০২১ চনৰ নিৰ্বাচনৰ আগত পথটো পকীকৰণ কৰিবলৈ চৰকাৰক পুনৰ দাবী জনাইছে।

Leave A Reply