Breaking

লামডিঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যা মায়া চক্রৱৰ্তীৰ বাসগৃহত ডকাইতি কাণ্ড…

0 16

লামডিঙত আকৌ ডকাইতৰ সন্ত্ৰাস । লামডিঙত দিনক দিনে বৃদ্ধি পাইছে চোৰ, ডকাইতৰ উপদ্ৰৱ। কিছুদিন পূৰ্বে লামডিঙ আৰক্ষী থানাৰ সম্মুখত থকা এখন মোবাইল দোকানত চোৰে চলাইছিল সন্ত্ৰাস। চোৰে নগদ ধনসহ মোবাইল লৈ গৈছিল। লামডিঙত অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত এই ডকাইতি কাণ্ড। এইবাৰ চোৰৰ শেন চকু অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত। লামডিঙত দিনক দিনে বৃদ্ধি পোৱা চোৰ, ডকাইতৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ।

সোমবাৰে নিশাৰ ভাগত লামডিঙ লংকা ৰোডৰ ষ্টেট বেংকৰ সন্মুখত থকা অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত তিনি- চাৰি জনীয়া এটা ডকাইতৰ দলে হাতত চুকা অস্ত্ৰ লৈ প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ বাসগৃহত সোমাই তেওঁৰ পত্নী তথা জেষ্ঠ কংগ্ৰেছী নেত্ৰী মায়া চক্রৱৰ্তীক মুখত সোপা দি ডিঙিত পৰিধান কৰা সোনৰ চেইন আৰু হাতত পৰিধান কৰা সোনৰ খাৰুৰ লগতে নগদ ধন আৰু লক্ষাধিক টকাৰ সোনৰ আ-অলংকাৰৰ লগতে প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ পত্নী মায়া চক্রৱৰ্তীৰ লাইচেঞ্চ কৰা পিষ্টল লৈ যা্য় ডকাইতৰ দলটোৱে।লামডিঙ আৰক্ষী খবৰ পাই তাৎখনিত ভাৱে কংগ্ৰেছৰ নেত্ৰী মায়া চক্রৱৰ্তীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটোনাৰ বুজ লয় আৰু তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply