Breaking

“লিঅ’নেল মেছিক(Lionel Messi) সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ!” -ক্ৰিষ্টিয়ানো ৰোণাল্ডো(Cristiano Ronaldo)

0 83

লিঅ’নেল মেছিক (Lionel Messi) বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আখ্যা দিলে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে (Cristiano Ronaldo)৷ বিশ্কাপৰ আগমুহূৰ্তত মেছি সম্পৰ্কত ৰোণাল্ডোৱে কৰা এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে৷
‘‘মেছি এগৰাকী সাংঘাটিক ফুটবলাৰ৷ তেওঁ যাদু জানে৷ ১৬ বছৰ ধৰি আমি বিশ্ব ফুটবলৰ মঞ্চত আছো৷ তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক৷’’- বৃহস্পতিবাৰে এটা সাক্ষাৎকাৰত ৰোণাল্ডোৱে কয়৷
উল্লেখ্য যে মেছি আৰু ৰোণাল্ডো- দুয়োৰে কেৰিয়াৰৰ আৰম্ভণিৰে পৰা ইজনে সিজনৰ প্ৰতিদ্বন্দি হিচাপে অৱতীৰ্ণ হৈ আহিছে৷ বিশেষকৈ লা লীগাত দুয়োৰে তীব্ৰ প্ৰতিদ্বন্দিতা চলিছিল৷ ফুটবলপ্ৰেমীসকলো মেছি আৰু ৰোণাল্ডোক লৈ দুভাগত বিভক্ত হৈ পৰিছিল৷ ৰোণাল্ডো শ্ৰেষ্ঠ নে মেছি শ্ৰেষ্ঠ- সেই লৈ অনুৰাগীসকলৰ বিতৰ্কৰ অন্ত নাই৷
বৃহস্পতিবাৰৰ সাক্ষাৎকাৰটোত এই সম্পৰ্কেও ৰোণাল্ডোৱে মন্তব্য কৰে৷ ৰোণাল্ডোৱে কয় যে তেওঁ নিজকে যদি বাদ দিয়ে, তেন্তে ভাৱ হয় মেছিয়ে শ্ৰেষ্ঠ ফুটবলাৰ৷ এইক্ষেত্ৰত জিনেদান জিদানৰো নাম লয় ৰোণাল্ডোৱে৷
‘‘কিন্তু যাৰ যাৰ লগত মই খেলিছো অথবা যুঁজ দিছো, তাৰ মাজত মেছিয়ে শ্ৰেষ্ঠ৷ মেছিৰ সম্পৰ্কে আৰু কি কম? তেওঁ এনে এজন ফুটবলাৰ যি বিশ্বৰ ফুটবলত সাংঘাটিক কীৰ্তি গঢ়িছে৷’’- পৰ্টুগীজ তাৰকাগৰাকীয় কয়৷
আনহাতে, প্ৰতিদন্বন্দী হ’লেও মেছিৰ স’তে ৰোণাল্ডোৰ সম্পৰ্ক কেনেধৰণৰ, সেই লৈও ৰোণাল্ডোৱে মন্তব্য কৰে৷ কয় যে মেছিৰ স’তে তেওঁ অন্তৰংগ বন্ধু নহয় কিন্তু সতীৰ্থৰ দৰে৷
ৰোণাল্ডোৱে কয় যে মেছিক তেওঁ অত্যন্ত শ্ৰদ্ধা কৰে৷ মেছিৰ পত্নীকো তেওঁ শ্ৰদ্ধা কৰে বুলি জনায়৷

Leave A Reply