Breaking

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে মুকলি : উমানন্দ মন্দিৰৰ লগতে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক-মনোমোহা দৃশ্য

0 1,618

দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে ৷ গুৱাহাটীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিছে এই ৰ’প ৱেই ৷ জিএমডিএৰ তত্ত্বাৱধানত এই ব্যৱস্থা কৰা হৈছে ৷ এই ৰ’প ৱেৰ ফলত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ মাজত দূৰত্ব বহু হ্ৰাস পাব ৷ যিহেতু এই ৰ’প ৱে ১.৮ কিলোমিটাৰ দৈৰ্ঘৰ৷ মন কৰিব লগা যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব মাত্ৰ ৭ মিনিট ৷ উল্লেখ্য যে এই ৰ’প ৱে হ’ল ভাৰতৰ ভিতৰতে নহয় এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰ’প ৱে ৷ গুৱাহাটী মহানগৰী পৰ্যটকৰ আকৰ্ষণ হৈ পৰা এই ৰ’প ৱেৰ জৰিয়তে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক আৰু মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব৷ তদুপৰি উমানন্দ মন্দিৰৰ দৃষ্টিনন্দন দৃশ্যও উপভোগ কৰিব পাৰিব ৷ দুটা কেবিন যুক্ত এই ৰ’প ৱেত এবাৰত ৩৫ জনকৈ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৷ কিন্তু ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি এবাৰত ১৫ জন যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব ৷ এই যাত্ৰাত যোৱা যাত্ৰীয়ে মাস্ক পিন্ধা বাধ্যতামূলক ৷ ইতিমধ্যে যাত্ৰীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৷ এই ৰ’প ৱেৰ নিৰ্মাণকাৰী হ’ল সমীৰ দামোদৰ ৰ’প ৱে প্ৰাইভেট লিমিটেড ৷ ব্ৰহ্মপুত্ৰৰ মাজত চাৰিটাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ এই ৰ’প ৱে সংযোগ কৰা হৈছে ৷ উল্লেখ্য যে মুঠ ৫৬ কোটি টকা ব্যয় হৈছে এই ব্যৱস্থাত ৷ ইয়াৰ চোৱাচিতা কৰিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো ৷ সোমবাৰে এই ৰ’প ৱে উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয় ৷ তদুপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী মহানগৰ উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰনিগম উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অশোক সিংঘাল উপস্থিত থাকে ৷ 

Leave A Reply