Breaking

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি

0 53

আজি শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাইত সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে।

অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ ২০ বছৰৰ অনূৰ্ধ্ব এথলেটিকছত স্বৰ্ণপদক লাভ কৰিছিল। ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছতো স্বৰ্ণসহ তিনিটা পদক পাইছিল হিমা দাসে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক প্ৰদান কৰে নিযুক্তি পত্ৰ। অসম আৰক্ষীৰ পোছাক পিন্ধি উপ-আৰক্ষী অধীক্ষকৰ পদৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰে হিমা দাসে।

হিমা দাসে কয়, তেওঁ আৰক্ষীত যোগ দি এতিয়া খেল নেখেলি চোৰ খেদি ফুৰিব বুলি ভাবিব নালাগে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা ৫৮৭ গৰাকীক আৰক্ষী উপ-আৰক্ষী পৰিদৰ্শক পদত নিযুক্তি পত্ৰ প্ৰদান কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিৱ জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ADGP জি পি সিং, হাৰমীট সিং, এল আৰ বিষ্ণই, ক্ৰীড়া বিভাগৰ আযুক্ত সচিৱ মলয় বৰা উপস্থিত থাকে।

Leave A Reply