Breaking

ৰূপাই জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

0 1,117

ডুমডুমা অঞ্চলৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ৰূপাই জাতীয় বিদ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৫ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ সোণোৱালে পতাকা উত্তোলন কৰি দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে । বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ শৰৎ চন্দ্ৰ চিৰিং ফুকনে । ]

তাৰ পিছতে সংগীত শিক্ষয়িত্ৰী গিৰিবালা দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি শ্বৰিফা খাতুন চৌধুৰী, প্ৰসাদ সোণোৱাল, বৈকুন্ঠ ভূঞা আৰু বিৰ্কে বাহাদুৰ থাপাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বক্তৃতা প্ৰদান কৰে । গিৰিবালা দাসৰ নেতৃত্বত গীত-নৃত্যৰ অনুষ্ঠান সম্পন্ন হয় । হুচৰি দলে হুচৰি পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে । গিৰিবালা দাসৰ উপৰিও ছাত্ৰীসকল ক্ৰমে নিকিতা বৰুৱা, প্ৰাপ্তি দাস, গাৰ্গী হাজৰিকা, লুণা বুঢ়াগোঁহাই, লাকি বুঢ়াগোঁহাই আৰু বনশ্ৰী মৰাণে গীত পৰিবেশন কৰে ।

Leave A Reply