Breaking

শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ী লোকক খাদ্য সামগ্ৰী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

0 59

নগাঁও

ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। বিশেষকৈ লকডাউন আৰম্ভ হোৱা সময়ৰ পৰা শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ জীৱন জীৱিকাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে। লকডাউনৰ বাবেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা শব্দযন্ত্ৰীসকলৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ লকডাউনৰ বাবে এইবাৰ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো ৰঙালী বিহু উদযাপন কৰা নহ’ল। ৰঙালী বিহুৰ সময়ত সাধাৰণতে জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গায়কসকলৰ লগতে শব্দযন্ত্ৰীসকলে উপাৰ্জনৰ পথ উলিয়ায়৷ এইবাৰ লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিলতা আনি দিছে যদিও ছেলুন, বিউটি পাৰ্লাৰ বন্ধ হৈ আছে। ছেলুন, বিউটি পাৰ্লাৰ, স্পা আদি লকডাউনৰ বাবে বন্ধহৈ থকাত এওঁলোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ সৃষ্টি হৈছে৷ বিভিন্ন জনে ব্যক্তিগতভাৱে এওঁলোকক সহায়ৰ হাত আগবঢ়াইছে যদিও এওলোকৰ বহুতে চৰকাৰী সাহায্য লাভ কৰা নাই। এইসকল শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। মঙলবাৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পৃথকে পৃথকে হোৱা অনুষ্ঠানত বিধায়কগৰাকীয়ে শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, লকডাউনৰ বাবে শব্দযান্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অতি কষ্ট হৈছে। জীৱন জীৱিকাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে। এই সংকটৰ সময়ত আমি তেওঁলোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছো। এই লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহবান জনাইছে বিধায়ক ৰূপক শৰ্মাই। শতাধিক শব্দযন্ত্ৰী আৰু পাছ শতাধিক ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়কগৰাকীয়ে। বিধায়ক গৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply