Breaking

কঠীয়া ৰোপণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 1,072

নগাঁও : ” ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আমাৰ কৃষকসকল কৃষি কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত হ’ব লাগিব। কৃষি কাৰ্যৰ জৰিয়তেহে অসমত এক সেউজ বিপ্লৱ গঢ়ি তুলিব পৰা যাব।” এই মন্তব্য নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাওঁ সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱত কঠীয়া ৰোপণ কাৰ্যসূচী সমাৰোহৰ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয়, ‘কৃষিৰ জৰিয়তেহে অসমৰ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পৰা যাব। ইয়াৰ বাবে আমাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব লাগিব। তেতিয়াহে আমি প্ৰকৃত সেউজ বিপ্লব গঢ়ি তুলিব পাৰিম।’ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি কৃষক ৰাইজক এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত ‘এপাৰ্ট’ আঁচনিৰ অধীনত ননৈ দেউৰী গাঁৱত উন্নতমানৰ কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অশোক কুমাৰ বৰঠাকুৰ, ‘এপাৰ্ট’ৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ দত্ত চৌধুৰী, ছিলঙনী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ নিৰঞ্জন ডেকা, অন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিষয়া ভিপিন বি কুমাৰ, স্থানীয় কৃষি সম্প্ৰসাৰণ বিষয়া দিব্যজ্যোতি ডেকা, সম্প্ৰসাৰণ কৰ্মী কল্যাণ বৰা,  গৱেষণা সহায়ক অজিত বৰা, খণ্ড প্ৰযুক্তি প্ৰবন্ধক চিত্ৰজিৎ বৰাকে ধৰি কৃষি বিভাগ, ‘এপাৰ্ট’ৰ কৰ্মচাৰীৰ লগতে কৃষকসকল উপস্থিত থাকে। কঠীয়া ৰোপন থলিতে ধান ৰোপন সম্পৰ্কীয় এক প্ৰশিক্ষণো অনুষ্ঠিত হয়। ইপিনে আজি বিধায়ক গৰাকীয়ে পাখিমৰিয়া উন্নয়ন খণ্ডৰ ১০০ গৰাকী শিপিনীক য়াৰ্ণ পাছবুক আৰু ৪০০ লোকক জব কাৰ্ড প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীয়ে এই ব্যৱস্থাৰ জৰিয়তে শিপিনী আৰু জব কাৰ্ড প্ৰাপ্ত লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত পাখিমৰিয়া খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply