Breaking

নগাঁৱৰ বৰভেটি পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 65

 দৈনন্দিন বৰ্তা সেৱা, নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে- পশ্চিম কাৱৈমাৰী পি এম জি এচ ৱাই পথৰ পৰা  চাইদুল ইছলামৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, পি এম জি এচ ৱাই পথৰ পৰা দেৱকান্ত বৰাৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, কাৱৈমাৰী পি এম জি এচ ৱাই পথৰ পৰা হেকমত আলীৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, বৰভেটি গৰিয়াগাঁও পথৰ পৰা ইংলিছপট্টিৰ মল্লিকা গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, বৰভেটি আলিপাৰ প্ৰাথমিক বিদ্যালয়ৰ কাষৰ নৱনিৰ্মিত পুথিভঁৰাল,  কাৱৈমাৰী চুবহী মোক্তাবৰ কাষত খোৱাপানী ব্যৱস্থা সহ নৱনিৰ্মিত ৰাজহুৱা ভৱন, ৰিয়াজউদ্দিনৰ গৃহৰ পৰা হিবজুৰ ৰহমানৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, শিমলুগুৰি তিনিআলিৰ সমীপৰ তিনি কোঠালিৰ বজাৰগৃহ আৰু পশ্চিম কাৱৈমাৰীৰ চফিজউদ্দিনৰ গৃহৰ সমীপত নৱনিৰ্মিত ৰাজহুৱা ভৱন।

উল্লেখিত আচঁনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই আঁচনি সমূহৰ জৰিয়তে পঞ্চায়তটোৰ জনসাধাৰণ উপকৃত হব বুলি আশা প্ৰকাশ কৰে। আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভ উদ্ধোধনী অনুষ্ঠানত কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, বৰভেটি পঞ্চায়তৰ সভানেত্ৰী নীলাংকৃতা বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়ত সভানেত্ৰী দিপাঞ্জলী কোৱৰ, ভাৰতীয় জনতা পাৰ্টিৰ  খাগৰিজান মন্ডলৰ সভাপতি হৰিচৰন ডেকা, বৰভেটি পঞ্চায়তৰ সচিব পল্লবী বৰা প্ৰমুখ্যে পঞ্চায়তটোৰ  প্ৰতিনিধি আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply