Breaking

নগাঁৱৰ তুলসী দেউৰী পঞ্চায়তত একেদিনাই ৯ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 1,362

নগাঁও, ২০ অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে তুলসী দেউৰী গাঁও পঞ্চায়ত কাৰ্যলয় চৌহদৰ সমূহীয়া ভৱন, বুঢ়াগোঁহাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদৰ নৱ নিৰ্মিত পথ, লাচিত যুৱক সংঘৰ পুথিভঁৰাল, ৰাঙলুমুখ গ্ৰাম্য পুথিভঁৰাল, শুকতিপুতা সমূহীয়া ভৱন, গান্ধীজী এম ই স্কুল চৌহদৰ সমূহীয়া ভৱন, পমুঐ দেউৰী বাবুল দাসৰ ঘৰৰ পৰা বৰজানলৈ যোৱা নবনিৰ্মিত পথ, শুকতিপুতা পথৰ পৰা ২নং শুকতিপুতালৈ যোৱা নবনিৰ্মিত পথ আৰু কোচ গাঁও তিনিআলিৰ পৰা মলাৰাম বৰাৰ গৃহলৈ যোৱা নবনিৰ্মিত পথটি।উল্লেখিত আঁচনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে।বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে। আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ কান্ত দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য অনিতা বৰা, ভাৰতীয় জনতা পাৰ্টিৰ পাখিমৰীয়া মন্ডলৰ সভাপতি নৰেন দাস প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি আৰু ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply