Breaking

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

0 1,149

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি  বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী  সকলক উৎসাহিত কৰা উদ্দেশ্যেৰে আয়োজিত  গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটত প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীক বিধায়ক গৰাকীয়ে সম্বৰ্ধনা জনায়।এই উপলক্ষে চহৰখনৰ   কিৰনবালা গোস্বামী হাইস্কুল, ৰন্তকান্ত বৰকাকতী  হাইস্কুল, নগাঁও বেঙ্গলী ছোৱালী বিদ্যালয়  আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত কৃতকাৰ্যতা লাভ কৰা পৌৰমহলাৰ ছাত্র-ছাত্ৰী সকলক মানপত্ৰ, গামোচা,কিতাপৰ টোপোলা, কলমৰ লগতে মাক্সেৰে সম্বৰ্ধনা জনোৱা হয়। সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে   বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু  পৌৰমহলাৰ প্ৰাক্তন পৌৰ আয়ুক্ত সকল উপস্থিত থাকে।

Leave A Reply