Breaking

নগাঁৱত জনসম্পৰ্ক অভিযান বিধায়ক ৰূপক শৰ্মাৰ ।

0 998

ননৈ : ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে জনসম্পৰ্ক অভিযান কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে  আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে জনসৰ্ম্পক অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীৰ এক অংশ হিচাপেই চৰকাৰৰ কাম কাজৰ ওপৰত ৰাইজৰ মতামত বিচাৰি নগাঁও সদৰ সমষ্টিবাসী ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াস কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কালি সদৰ সমষ্টিৰ শেনছোৱা পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৰাইজৰ ঘৰে ঘৰে গৈ চৰকাৰৰ কাম-কাজৰ খতিয়ানমূলক পত্ৰিকা প্ৰদান কৰি ৰাইজৰ হ’কে চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ বিষয়ে অৱগত কৰে৷ ৩০ জুন পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচীত অনাগত দিনত সদৰ সমষ্টিৰ বিভিন্ন স্হানৰ ৰাইজৰ কাষ চাপি জনসৰ্ম্পক অভিযান ধাৰাবাহিকভাৱে চলি থাকিব।

Leave A Reply