Breaking

ভাৰতীয় দলত স্থান লাভৰ বিষয় লৈ বিশেষ চিন্তা কৰা নাই ৰিয়ানে, এইসময়ত ধাৰাবাহিকতা ৰক্ষা কৰি ৰাজস্থান ৰয়েলছক বিজয় কৰোৱাহে মুল লক্ষ্য অসম সন্তানৰ…

0 2,245

এজন কিশোৰৰ বাবে অদম্য ট্ৰলিঙৰ সন্মুখীন হোৱাটো স্বাভাৱিকতে সহজ নহয৷ কিন্তু ৰিয়ান পৰাগৰ ক্ৰিকেট যাত্ৰাত যুৱ তাৰকাগৰাকীয়ে ট্ৰলিঙৰ ধুমুহা সহ্য কৰিব লগা হৈছিল৷ ছ’চিয়েল মিডিয়াত নিৰ্দয় সমালোচনা, হেভি ডিউটি ট্ৰলিং আৰু মিম-ফেষ্টৰ আমন্ত্ৰণ জনোৱা পূৰ্বৰ ছিজনসমূহত ৫৪ খন মেচৰ পৰা মাত্ৰ ৬০০ ৰান সংগ্ৰহ কৰাৰ পিছত ৰিয়ানে চলিত আই পি এলত বিস্ফোৰণ ঘটাইছে৷ এতিয়ালৈকে ছখন মেচত ২৮৪ ৰান লাভ কৰা ৰিয়ান সৰ্বাধিক ৰাণ কৰাৰ তালিকাত বিৰাট কোহলীৰ পিছতে দ্বিতীয় স্থানত আছে৷

অৱশেষত ৰিয়ানে বুজি পাইছে যে ২২ গজৰ বাহিৰৰ জীৱনৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে৷ ‘ক্ৰিকেটৰ বাহিৰৰ জীৱনটোৱে সঁচাকৈয়ে আপোনাক প্ৰভাৱিত কৰে আৰু সেইটোৱেই মোৰ কেৰিয়াৰত এটা ডাঙৰ অংশ হ’ল৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মই ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰো৷ আচলতে মোৰ আৰম্ভণি ভাল হোৱা নাছিল, মই বহুত কথা হৃদয়ত লৈছিলো, যিবোৰ মোৰ বিষয়ে কোৱা হৈছিল৷ যিয়েই নহওক কিয়৷ মই মাত্ৰ বুজিব লাগিছিল যে মোৰ বাবে কি গুৰুত্বপূৰ্ণ, কাৰ মতামত মোৰ বাবে গুৰুত্বপূৰ্ণ আৰু মই সেইটো বুজিলোঁ অৱশেষত আৰু সেইটোৱে সহায় কৰিছে৷’ মঙলবাৰে ইডেন গাৰ্ডেনত কেকেআৰৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেলৰ পূৰ্বে সংবাদ মেলত এইদৰে কয় ৰিয়ানে৷ ইফালে, আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত সম্ভাৱ্য খেলুৱৈ হিচাপে ৰিয়ানৰ নামো চৰ্চালৈ আহিছে৷ এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় ‘মই সঁচাকৈয়ে ইয়াৰ বিষয়ে চিন্তা কৰা নাই৷ আচলতে এইসময়ত মই আনন্দিত যে মই যি কৰি আছো তাক লৈ৷ মই মাত্ৰ এয়া আগবঢ়াই নিব বিচাৰো৷ দলৰ বাবে কেনেকৈ অধিক মেচ জয় কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিব বিচাৰো৷ কাৰণ সেয়া অধিক গুৰুত্বপূৰ্ণ৷’

ইফালে, মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই ৰিয়ানৰ বেটিং ক্ৰম উন্নত কৰা সন্দৰ্ভত ক্ৰিকেটাগৰাকীয়ে কয় ‘ক্ৰিকেটৰ ফালৰ পৰা মই ভাবো চতুৰ্থ নং স্থানত খেলাটো মোৰ বাবে প্ৰত্যাহ্বান নহয়৷ মই ঘৰুৱা ক্ৰিকেটত বিভিন্ন পৰিস্থিতিত খেলিছো৷ আচলতে এইদিশত মই অভ্যস্ত৷ কিন্তু এইবাৰ আৱেগিক আৰু দক্ষতাৰ ফালৰ পৰা দুয়োটাৰে মিশ্ৰণ হৈ গৈছে৷ মই অনুভৱ কৰো যে মই দলটোলৈ এইবাৰ বহুত অৰিহণা যোগাইছো আৰু যোৱা কেইবছৰমানৰ পৰা মই সেইটোৱেই কৰিবলৈ চেষ্টা কৰি আহিছো৷ এইবাৰ হৈছে আৰু মই মাত্ৰ সেইটো আগবঢ়াই নিব বিচাৰো৷’

Leave A Reply