Breaking

তেজপুৰত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ

0 2,044

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ অনুষ্ঠিত “আমাৰ খেল আমাৰ উৎসৱ” – এই বাণী সাৰোগত কৰি অসমৰ পৰা হেৰাই যাব খোজা পৰম্পৰাগত খেল সমূহক পুণৰুদ্ধাৰৰ চেষ্টা চলাইছে “অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্হা”ই ৷ তেজপুৰৰ হজৰাপুখুৰীত ৰাজ্যৰ ভিতৰত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ল  সদৌ অসম আন্ত:জিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ ৷ নাও খেলৰ হেৰাই যাব খোজা জনপ্ৰিয়তাক বিশ্বমুখী কৰি তোলাৰ বাবেই এই প্ৰতিযোগীতাৰ  আয়োজন  কৰা হয় ৷ অসম   ট্ৰেডিচনেল স্প’ৰ্টছ এণ্ড ড্ৰেগন ব’ট এচ’ছিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ৰ জৰিয়তে কেৱল এছিয়ান গেমছতেই নহয় যাতে অলিম্পিকতো এই অসমৰ থলুৱা খেলবিধক অধিক জনমুখী কৰি স্হান দিয়াৰ লগতে অসমৰ প্ৰতিভাবান খেলুৱৈ সকলক সেই পৰ্যায়লৈ উন্নীত কৰিব পাৰি সেই চেস্টাৰেই আয়োজন এই নাওখেল ৷ আজিৰ  এইপ্ৰতিযোগিতাত মহিলাৰ ৪ টা আৰু পুৰুষৰ ৭ টা দলে  ভাগ লয় ৷ মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, দৰং, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, কামৰূপ, গুৱাহাটী মেট্ৰ’ৰ মুঠ ১১ খন জিলাৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগীতাত দৰ্শকৰ সহাৰি আছিল ব্যাপক৷ ছয়গাঁৱৰ পৰম্পৰাগত খেলৰ এটা দলে প্ৰদৰ্শনীমূলক ভাবে ৰাজ্যৰ থলুৱা খেল-তেল খুটা বগোৱা , গুদুগুদু, ৰছী টনা, ঢোপ খেল  আদি  প্ৰদৰ্শন কৰে। এই অনুষ্ঠানতেই ছয়গাৱৰ এটি দলে নাওখেলৰ গীতৰ লগতে মহহো গীত নৃত্য পৰিবেশন কৰে৷ ২০২২ত অনুষ্ঠিত হবলগীয়া এচিয়ান গেমছত দেশৰ দলত যাতে ৰাজ্যখনৰ খেলুৱৈয়েও স্হান লাভ কৰে তাৰ বাবেই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি ৰাজ্যৰ প্ৰতিভা বিচাৰি উলিওৱাৰ এক প্ৰয়াস কৰা হৈছে৷

Leave A Reply