Breaking

নিজগেৰুৱা গাঁও পঞ্চায়তত চোৰে চলালে চাফাই অভিযান

0 1,019

 মৰিগাঁও জিলাৰ    লাহৰীঘাটৰ নিজ গেৰুৱা গাঁও পঞ্চায়ত এলেকাত চোৰৰ উপদ্ৰৱ। সোমবাৰে নিশা পঞ্চায়ত কাৰ্যালয়ৰ তলা ভাঙি লৈ গ’ল দুটা  চলাৰ বেটাৰি, ইনভাৰ্টাৰ, চলাৰ প্লেট আদি । পঞ্চায়তৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ কোঠাৰ তলা ভাঙিবলৈ চেষ্টা চোৰৰ। গেছ চিলিণ্ডাৰ পেলাই থৈ গ’ল ৰাস্তাত। দীৰ্ঘ দিন ধৰি চোৰৰ উপদ্ৰৱ হৈ আছে যদিও ভূৰাগাঁও আৰক্ষীয়ে বৰ্তমানলৈ কোনো চোৰকে আটক কৰিব পৰা নাই । গোহালিৰ গৰু ছাগলি কেইটাক লৈয়ো সংকিত গেৰুৱাবাসী। ভূৰাগাঁও আৰক্ষী চূড়ান্ত ব্যৰ্থ জনসাধাৰণক নিৰাপত্তা দিয়াত। মন্দিৰ নামঘৰতো কিছু দিন ধৰি চলি আছে চোৰৰ উপদ্ৰৱ।

Leave A Reply