Breaking

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

0 139

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণী শুভাৰম্ভ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয়- এক শিক্ষা নীতিৰ অধীনত দেশৰ অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে আগন্তুক দিনত উচ্চ মাধ্যমিক বিদ্যালয় সমূহ উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে আগন্তুক দিনত কি বিষয়ত শিক্ষা গ্ৰহণ কৰিব সেই কথা নিজেই সিদ্ধান্ত লব পাৰিব বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে। আনহাতে আগন্তুক সময়ত মহাবিদ্যালয় সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখাটো উঠাই দি উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্তব্য সাংসদ গৰাকীয়ে। উল্লেখ্য যে, সোণাৰিৰ চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ত আজি  উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ শ্ৰেণীৰ শুভ উদ্বোধন কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী । বিদ্যালয়খনত অনুষ্ঠিত হোৱা এখন মুকলি সভাত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী শুভাৰম্ভ কৰা হয় আনুষ্ঠানিকভাৱে। ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয় খন ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিছিল চৰকাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ চফ্ৰাই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া নিজৰ ঠাইতে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হব। বিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক শাখা শুভাৰম্ভ কৰাৰ উদ্দেশ্যে সমাজকৰ্মী তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ পৌৰহিত্যত আজি অনুষ্ঠিত হোৱা সভাখনত চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সমাজকৰ্মী কাজল দেৰ লগতে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষক কৰ্মচাৰী সকলৰ লগতে চফ্ৰাই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply