Breaking

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু জুনিয়ৰ ক্লাচিক পাৱাৰ লিফটিং প্ৰতিযোগিতাত গোলাঘাটৰ চাহিলৰ পদক লাভ…

0 110

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু জুনিয়ৰ ( পুৰুষ-মহিলা) ক্লাচিক পাৱাৰ লিফটিং প্ৰতিযোগিতাত গোলাঘাটৰ চাহিলৰ পদক লাভ। ঝাৰখণ্ডৰ ৰাছিত অনুষ্ঠিত হৈ থকা চাব জুনিয়ৰ আৰু জুনিয়ৰ (পুৰুষ-মহিলা ) ক্লাচিক পাৱাৰ লিফটিং প্ৰতিযোগিতা ২০২৩ ত গোলাঘাটৰ চাহিল আদনান আহমেদে দলগতভাৱে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ব্যক্তিগতভাৱে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যৰ লগতে গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে । গোলাঘাটৰ কুমাৰপট্টিৰ ২ নং ৱাৰ্ডৰ বাসিন্দা ইমতিয়াজ আহমেদ আৰু চয়নিকা গগৈ আহমেদৰ একমাত্ৰ সন্তান চাহিলে চেৰ্কেট হাৰ্ট হাইস্কুলৰ পৰা এইবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে গোলাঘাটৰ পাৰভেজ মাৰুফ আৰু ৰাইহান নাছেৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল । উল্লেখ্য যে , এই বৰ্ষত গোলাঘাট জিলা পাৱাৰ লিফটিং প্ৰতিযোগিতাতো চাহিলে সোণৰ পদক অৰ্জন কৰাৰ উপৰিও ৫৩ কেজি ওজনত ষ্ট্ৰং মেনৰ খিতাপ জয় কৰিছিল ।

পৰৱৰ্ত্তী সময়ত এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচিত হোৱা চাহিলে তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত পাৱাৰ লিফটিং প্ৰতিযোগিতাতো সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় । চাহিলৰ এই সাফল্যত গোলাঘাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত এই ধাৰা অব্যাহত ৰখাৰ আশা কৰিছে।

Leave A Reply