Breaking

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস…

0 13

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস।

প্ৰবীণ লেখিকা মায়া শৰ্মাৰ গল্প সংকলন “পটৰ আঁৰৰ যুঁজ” আৰু হৰেশ্বৰ গোস্বামীৰ “একুকি লিমাৰিক – আপদীয়া পদ্য” শীৰ্ষক গ্ৰন্থ উন্মোচন তেজপুৰ সাহিত্য সভাত।

অসমীয়া ভাষা – সাহিত্যৰ সংকটৰ সময়ত গোহাঞি বৰুৱাৰ কৃচ্ছ্ৰসাধনা আমি স্মৰণ কৰা প্ৰয়োজন – ড০ প্ৰাণজিৎ হাজৰিকা।

“সাম্প্ৰতিক প্ৰেক্ষাপটত সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱা :সৃষ্টি আৰু দৃষ্টি” শীৰ্ষক বক্তৃতা সম্পন্ন।


অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস উপলক্ষে দেওবাৰে পুৱাৰে পৰা তেজপুৰৰ সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতি বিজড়িত কেবাটাও অনুষ্ঠানে বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলিৰে স্মৰণ কৰে। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত বিশেষ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য হৰেশ্বৰ গোস্বামীৰ “একুকি লিমাৰিক – আপদীয়া পদ্য” শীৰ্ষক গ্ৰন্থ এখনৰ লগতে তেজপুৰৰ প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মাৰ “পটৰ আঁৰৰ যুঁজ” শীৰ্ষক গল্প সংকলন এখন উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড০ ভূপেন শইকীয়াই। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভূবনেশ্বৰ চহৰীয়াই উন্মোচনী ভাষণত লিমাৰিকৰ উৎপত্তি আৰু মহত্বৰ প্ৰসংগ উত্থাপন কৰি আয়াৰলেণ্ডেই লিমাৰিকৰ জন্মভূমি বুলি মন্তব্য কৰি ড০ মহেন্দ্ৰ বৰাই লিমাৰিকৰ ধাৰা অসমীয়া সাহিত্যলৈ বোৱাই আনিছিল বুলি কয়। একে সময়তে উপ-পদ্য বা আপদীয়া পদ্য বুলি জনাজাত এই লিমাৰিক সমূহে অসমীয়া সাহিত্যৰ পাঠকক বিশেষভাবে আকৰ্ষিত কৰি ৰাখিছে বুলি মন্তব্য কৰি ড০ চহৰীয়াই অসমীয়া সাহিত্যৰ জনপ্ৰিয় কেইটিমান লিমাৰিক পাঠ কৰি দৰ্শকক -শ্ৰোতাক আমোদ দিয়ে।আনহাতে হৰেশ্বৰ গোস্বামীৰ দ্বাৰা ৰচিত লিমাৰিকখনি অসমীয়া লিমাৰিক সাহিত্যলৈ এটি গুৰুত্বপূৰ্ণ অবদান হিচাপে পৰিগণিত হওক তাৰ কামনা কৰে।

তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক “গণকন্ঠ” কাকতৰ সম্পাদক ড০ প্ৰাণজিৎ হাজৰিকাই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষাৰ পুন:প্ৰতিষ্ঠাৰ বাবেই অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিছিল বুলি মন্তব্য কৰি Magnum opus হিচাপে খ্যাত একমাত্ৰ ‘শ্ৰীকৃষ্ণ’ গ্ৰন্হখনিৰ বাবেই গোহাঞি বৰুৱা অসমীয়া সাহিত্যত চিৰনমস্য হৈ থাকিব বুলি মন্তব্য কৰাৰ লগতে শ্ৰীকৃষ্ণক মানৱীয় দৃষ্টিৰে প্ৰতিষ্ঠা কৰাৰ এক অভিনৱ প্ৰয়াস তেওঁৰ শ্ৰীকৃষ্ণ গ্ৰন্হৰ মাজত পৰিলক্ষিত হয় বুলি কয়। আনহাতে আজিৰ অসমীয়া ভাষা-সাহিত্যৰ সংকটৰ সময়ত পদ্মনাথ গোহাঞি বৰুৱাৰ কৃচ্ছ্ৰসাধনা আমি স্মৰণ কৰাৰ প্ৰয়োজন অধিক বুলিও কয় ড০ হাজৰিকাই ।তেজপুৰৰ বিদ্বৎ সমাজে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতিচাৰণ কৰি প্ৰবীণ গীতিকাৰ – সুৰকাৰ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য কৃতি বহুধা বিভক্ত আছিল বুলি মন্তব্য কৰি একেজন মানুহৰ মাজতে ইমান প্ৰতিভা সঞ্চিত হৈ আছিল সেইয়া আমাৰ বাবে বিস্ময়কৰ! আধুনিক অসমীয়া সমাজ- সাহিত্য নিৰ্মাণৰ মেৰুদণ্ড স্বৰূপ সাহিত্য কাণ্ডাৰীগৰাকীয়ে তেওঁৰ পথত অবতীৰ্ণ হওঁতে ‘বঙাল খেদা পদ্মনাথ’ দৰে অপযশ সহিব লগাও হৈছিল। এনে বিৰুদ্ধ পৰিবেশৰ মাজত আধুনিক অসমীয়া সমাজ- সাহিত্য সুকীয়া ৰূপত গঢ় দিয়াৰ লগতে আধুনিক তেজপুৰ চহৰো নিৰ্মাণৰ ক্ষেত্ৰত নিৰন্তৰ কাম কৰি গৈছিল। অৱশ্যে আজিও ৰায়বাহাদুৰ, সাহিত্য কাণ্ডাৰী গৰাকীৰ সৃষ্টি চেতনা তথা অমূল্য অবদানৰ পুন:মূল্যায়ণৰ ক’ৰবাত আধাৰুৱা হৈ ৰৈছে বুলি কৈ বংকিম শৰ্মাই এই ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে। অনুষ্ঠানটিত প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মাৰ “পটৰ আঁৰৰ যুঁজ” শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই
উনবিংশ শতিকাৰ এক অমূল্য সৃষ্টি গল্প সাহিত্যৰ জগতখনলৈ মায়া শৰ্মাৰ এই গ্ৰন্হখনি এক উল্লেখযোগ্য সংযোজন হৈ থাকিব বুলি মন্তব্য কৰি গল্প সাহিত্যৰ উৎপত্তি আৰু ইয়াৰ বৈশিষ্টৰ ওপৰত নিৰ্মোহ আলোকপাত কৰি সাহিত্য কাণ্ডাৰী গৰাকীয়ে অসমীয়া ভাষা – সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদান সমূহ স্মৰণ কৰে।ইয়াৰ আগেয়ে সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰী গোহাঞি বৰুৱা আৰু নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বেনুধৰ কাকতি, ৰূমা দেৱী, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্র চুতীয়া, বিশিষ্ট আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱা, প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতা, তৰুলতা দাস, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অধিবক্তা অনন্ত গোস্বামী, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, সংগীতশিল্পী সীমান্ত কাকতি, শোণিতপুৰ শিল্পী সমাজৰ প্ৰাক্তন সম্পাদক জয়ন্ত কাকতি আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কাৰ্যালয় প্ৰাংগনত গোহাঞিবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে তেখেতৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে অ ভা উ সা সভাৰ সভাপতি শ শান্তনু বৰুৱাৰ লগতে সভাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, কলিবাৰী চিত্ৰলেখা কৃষ্টি সংঘৰ সভাপতি প্ৰণৱ বৰঠাকুৰ, গোহাঞিবৰুৱাৰ পৰিয়ালৰ সদস্য তথা নাতি উদয় কৃষ্ণ গোহাঞিবৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞিবৰুৱা আৰু অভাউসা সভাৰ অন্যান্য সদস্যসকলে।ইয়াৰ উপৰি তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ উদ্যোগত বিয়লি অসমীয়া ক্লাবত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত “সাম্প্ৰতিক প্ৰেক্ষাপটত সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱা :সৃষ্টি আৰু দৃষ্টি” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি, লেখক শান্তনু বৰুৱাই ।সন্ধিয়া বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি বংকিম শৰ্মাই। অনুষ্ঠানটিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply