Breaking

অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ চয়নিকা ডেকা তৃতীয় স্থান।

0 2,027

অসম কুড়মালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে  ৫ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিশিষ্ট লেখক ,মাদলৰ কবিৰূপে খ্যাত , ৰাজনীতি বিদ তথা অসম কুড়মালি সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত হৰিপ্ৰসাদ কুড়মিৰ সোঁৱৰণত অনুষ্ঠিত হোৱা প্ৰৱন্ধ প্ৰতিযোগিতাখনত  তিনিচুকীয়া জিলাৰ উৎপল মাহিলী প্ৰথম স্থান, তিনিচুকীয়া জিলাৰ মহেশ ৰাম গোৱালা দ্বিতীয় স্থান  , দৰং জিলাৰ ছাজিশ আলম আৰু ওদালগুৰি জিলাৰ চয়নিকা ডেকাই তৃতীয় স্থান দখল কৰে। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিলৈ আদিবাসী চাহ জনগোষ্ঠীৰ অৱদান শীৰ্ষক বিষয়ত স্বলিখিত প্ৰৱন্ধ প্ৰতিযোগিতাখন ১ আগষ্টৰ পৰা ২০  চেপ্তেম্বৰ তাৰিখলৈকে চলিছিল। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লেখক লেখিকাই প্ৰৱন্ধ পাতি সমূহ ইমেইল আৰু ৱাটছএপ যোগে পঠিয়াইছিল বুলি কুড়মালি সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কৃষ্ণ মাহাতোই জনায়। বিজয়ী প্ৰতিযোগীক মানপত্ৰ সহঃ বিশেষ ধনেৰে পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে কুড়মালি সাহিত্য সভাৰ তৰফৰ পৰা মানপত্ৰ আগবঢ়োৱা হ’ব বুলি পত্ৰিকা সম্পাদকে  জনায়।

Leave A Reply