Breaking

বিহাৰৰ ভাগলপুৰ জিলাৰ এখন বজাৰত লোকচক্ষুৰ সমুখতে সংঘটিত হোৱা এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ছাকিল মিয়াক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে…

0 82

 বিহাৰৰ ভাগলপুৰ জিলাৰ এখন বজাৰত লোকচক্ষুৰ সমুখতে সংঘটিত হোৱা এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ছাকিল মিয়াক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হত্যাত অভিযুক্তই ব্যৱহাৰ কৰা এখন কুঠাৰো উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।ইতিপূৰ্বে দেওবাৰে এই হত্যাকাণ্ডৰ আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ্য যে শনিবাৰে ভাগলপুৰ জিলাৰ পিৰপাইণ্টী বজাৰত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি এগৰাকী মহিলাক বৰ্বৰভাৱে হত্যা কৰিছিল।

ভাগলপুৰৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে নিলম দেৱী নামৰ মহিলাগৰাকীক অভিযুক্তই প্ৰায় ১০ বাৰ ছুৰীৰে আঘাত কৰিছিল। তেজেৰে তুমুৰলি মহিলাগৰাকীক মুমূৰ্ষ অৱস্থাত ভাগলপুৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পথতে তেওঁৰ মৃত্যু হৈছিল।

আৰক্ষীৰ মতে, অভিযুক্ত ছাকিল মিয়া আৰু হত্যাৰ বলি হোৱা নিলম দেৱীৰ মাজত থকা আৰ্থিক বিবাদৰ পৰিণতি হিচাপেই এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে উল্লেখ কৰা মতে, নিলম দেৱীয়ে অভিযুক্ত ছাকিল মিয়াৰ পৰা ঋণ লৈ ধন ঘূৰাই দিব পৰা নাছিল। এনে পৰিস্থিতিত ছাকিল মিয়াই নিলম দেৱীক ঋণৰ ৱন পৰিশোধ কৰিবলৈ দীৰ্ঘদিন ধৰি হেঁচা প্ৰয়োগ কৰি আছিল বুলি আৰক্ষীয়ে লগতে কয়। আনহাতে মহিলাগৰাকীৰ স্বামীয়ে দাবী কৰা মতে তেওঁৰ পত্নীয়ে ছাকিল মিয়াক তেওঁলোকৰ ঘৰলৈ অহাত বাধা দিছিল আৰু সেয়ে ছাকিলে এই নৃশংস কাণ্ড সংঘটিত কৰে।

Leave A Reply