Breaking

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত !  ৰোহিত গোডাৰাৰ নিৰ্দেশমতে গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা…

0 9

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ সদস্য।

আৰক্ষীৰ তথ্য়ত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্তই ঘটনা সংঘটিত কৰা পাছতে মুম্বাই চহৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল। অন্য়হাতে উক্ত ঘটনাৰ দায়িত্ব লোৱা ফেচবুক পেজটোৰ IPকানাডাৰ বুলি জানিব পৰা গৈছে।

অনমোল বিষ্ণোই নামৰ এটা ফেচবুক পেজে উক্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই পোষ্টটো শ্বেয়াৰ কৰা সংক্ৰান্তত VPNৰ সহায় লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

Leave A Reply