Breaking

গৰৈমাৰীত চেলুন-স্পা-বিউটী পাৰ্লাৰৰ মুকলি…

0 1,579

আজি তেজপুৰৰ বিশিষ্ট সমাজ কৰ্মী দীপক শইকীয়াই তেজপুৰ গৰৈমাৰীত JUST For You Hair Beauty And Spa Salon খন শুভাৰম্ভ কৰে।তেজপুৰ বিমানবন্দৰৰ ওচৰৰ গৰৈমাৰীত এই চেলুন-স্পা-বিউটী পাৰ্লাৰ খনে কেৱল স্থানীয় লোকেই নহয়, দেশ-বিদেশৰ পৰা অহা লোক সকলেও এই সেৱাৰ সুবিধা লাভ কৰা লগতে এই চেলুন খনৰ পৰা বহু কেইজন যুৱক-যুৱতীয়ে নিজৰ জীৱিকা পথ মুকলি কৰিবলৈ সুযোগ লাভ কৰিলে বুলি প্ৰকাশ কৰে বিশিষ্ট সমাজ কৰ্মী দিপক শইকীয়াই।

আনহাতে পাৰ্লা খনৰ পৰিচালক তথা অংশীদাৰ যুটীকা বৈশ্যই জানিবলৈ দিয়া অনুসৰি চুলি কটা, চুলিৰ বং, মসৃণকৰণ, ফেচিয়েল, Spa টেট্র. নখ সম্প্ৰসাৰণ কইনাৰ ৰূপসজ্ঞা, মেহেন্দিকে ধৰি বিভিন্ন প্ৰকাৰৰ সেৱা উপলদ্ধ কৰা কথা কয় লগতে কয় এই সেবা সমূহ লাভ কৰিবলৈ আগতীয়াকৈ গ্ৰাহক সকলে বুকিংও কৰিব পাৰিব বুলি উল্লেখ কৰে।


উল্লেখযোগ্য দীর্ঘদিন ধৰি এই অঞ্চলত অত্যাধুনিক আৰু সম্পূৰ্ণৰূপে সজ্জিত ইউনিচেন্স পার্লাৰৰ এখনৰ অভাৱ আছিল যিটো এই পাৰ্লা খনে পুৰন কৰিলে বুলি প্ৰকাশ কৰে পৰিচালক তথা অংশীদাৰ যুটীকা বৈশ্যয়েই। আনহাতে যি সকল দৰিদ্ৰ যুৱক-যুৱতীয়ে বিউটি পাৰ্লাৰ প্ৰশিক্ষণ লবলৈ আগ্ৰহী সেই সকলক দৰিদ্ৰ যুৱক যুৱতীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে পৰিচালক যুটীকা বৈশ্যই।

Leave A Reply