Breaking

সম গোৰ্খা সন্মিলন জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতি ধঞ্জিত ৰাইৰ মৃত্যু

0 2,021

ওদালগুৰি চহৰৰ উত্তৰে অৱস্থিত পূৱ জঙ্গলবড়িগাওঁ (বকাইনাডাড়া) নিবাসী সাংস্কৃতিক কৰ্মী ধঞ্জিত ৰাইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা  পৰিছে। বিশিষ্ট সাংস্কৃতিক কৰ্মী, স্থানীয় হিমালচুলী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি, অসম গোৰ্খা সন্মিলন পূৱ জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতি, ওদাগুৰিৰ পৰা প্ৰকাশিত সুগন্ধী কবিতাৰ কবি ধঞ্জিত ৰাইৰ যোৱা ২০ চেপ্টেম্বৰ তাৰিখে তেজপুৰ মেডিকেল হস্পিটালত মৃত্যু হোৱাত ওদালগুৰিত গভীৰ শোকৰ ছা পৰে। স্বৰ্গীয় ধঞ্জিত ৰাই সকলোৰে প্ৰিয় আৰু মিত ভাষ্যিক ব্যক্তি আছিল। তেওঁ অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা অন্তৰ্গত পূৱ জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতিৰ লগতে পূৱ জঙ্গলবড়িগাওঁৰ অগ্ৰণী সাংস্কৃতিক সংঘ হিমালচুলী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। স্বৰ্গীয় ৰাই ওদালগুৰিৰ পৰা প্ৰকাশিত আৰু অনুজ গৌতমৰ দ্বাৰা সম্পাদিত সুগন্ধি কবিতাৰ নিয়মীয়া কবি আছিল। স্বৰ্গীয়  ধঞ্জিত ৰাই সাংস্কৃতিক কৰ্মী, সাহিত্যিকৰ লগতে সু-সংগঠকো আছিল। তেওঁৰ অসাময়িক মৃত্যুত  অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ দহ দিনীয়া   ক্ৰিয়া কৰ্মত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।  অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেলৰ নেতৃত্বত যোৱা সজাতি দলত জিলা সমিতিৰ উপ সভাপতি দিল্লিৰাম শৰ্মা, সচিৱ ভৱেন ছেত্ৰী, প্ৰাক্তন সাংগঠনিক সম্পাদক অমৃত ভণ্ডাৰী, পূৱ জঙ্গলবড়িগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক একদেৱ ভট্টৰাইৰ লগতে স্থানীয় বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাইৰ ধৰ্ম পত্নী আৰু পুত্ৰৰ হাতত গোৰ্খা সন্মিলনৰ নেতৃবৃন্দই সমবেদনা পত্ৰ প্ৰদান কৰে।

Leave A Reply