Breaking

নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত বালিৰ চিণ্ডিকেট

0 2,085

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) ভূপেন চন্দ্ৰ দাসৰ বিভিন্ন দুৰ্নীতি-অনিয়ম আৰু লুণ্ঠনৰাজৰ অঘোষিত কাহিনী এটাৰ পিছত এটাকৈ ফাদিল হোৱাত সচেতন মহলৰ চকু কপালত উঠিছে।  দুৰ্নীতিগ্ৰস্ত বন বিষয়া গৰাকীৰ পৃষ্ঠপোষকতাত কাৰ্যালয়ৰ এলেকাধীন  বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা অবৈধ শিল,বালি, চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। অভিযোগ মতে  বিতৰ্কিত বন বিষয়া ভূপেন চন্দ্ৰ দাসক ধনৰে মেনেজ কৰি একাংশ চোৰাং বালি মাফিয়াই কলহী নৈৰ পৰা বালি খনন কৰি দৈনিক লাখ লাখ টকাৰ বালি বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে ,আনহাতে বিষয়টোক লৈ বন বিভাগৰ উৰ্দ্ধতম কতৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে। জানিব পৰা মতে কলহী নদী আৰু জলজলী নদীত দীৰ্ঘদিনৰে পৰা অবৈধ ভাৱে বালি খনন চলি থকাৰ পিছতো বন বিষয়া ভূপেন চন্দ্ৰ দাসে ৰহস্যজনক ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰা নাই। ছমৰীয়া, মালিবাৰী, জাওকাটাদিয়া, ৰাঙ্গাপানী, ৰঙ্গেশ্বৰী আদি অঞ্চলত এই গৰাকী বন বিষয়াৰ ছত্ৰছায়াত নৈৰ পৰা বালি খনন কৰি  নাওঁৰে উঠাই দৈনিক শ শ টেক্টৰ বালি চালান বিহীনভাৱে সৰবৰাহ হোৱাত চৰকাৰে প্ৰতিমাহে লাখ লাখ টকাৰ ৰাজহ পৰ্যন্ত হেৰুৱাব লগা হৈছে বুলিও অভিযোগ একাংশৰ। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বহু বিতৰ্কিত ঘোচখোৰ বন বিষয়া ভূপেন চন্দ্ৰ দাসে সংশ্লিষ্ট এলেকা সমুহৰ বালি মাফিয়া সকলৰ পৰা মাহিলী কমিছন পোৱাৰ বাবেই মুকলিকৈ এনে ব্যৱসায় নিৰ্বিঘ্নে চলাই যাবলৈ সক্ষম হোৱা বুলিও একাংশই মন্তব্য কৰিছে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত এনে অবৈধ ব্যৱসায় মুক্তভাৱে চলি থকাৰ অন্তৰালত বন বিষয়া গৰাকীৰ জেপলৈ প্ৰতিমাহে সোমোৱা লাখ-লাখ টকা বুলিও অভিযোগ । চৰকাৰৰ লাখ-লাখ টকাৰ ৰাজহ ফাঁকিৰে বিষয়া গৰাকীয়ে উঠিৰজা-বহিৰজা হৈ বিলাসী জীৱন কটাবলৈ সক্ষম হোৱা বুলিও অভিযোগত প্ৰকাশ। শেহতীয়াকৈ বন বিষয়া গৰাকীৰ ছত্ৰছায়াত দীৰ্ঘদিন ধৰি কলহী নদীত অবৈধ বালি খনন অব্যাহত  থকাত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চলি থকা এনে অবৈধ বালি, চোৰাং কাঠ আদিৰ  ব্যৱসায় কঠোৰ হাতেৰে দমন কৰি দুৰ্নীতিগ্ৰস্ত বন বিষয়া গৰাকীৰ বিৰুদ্ধে তদন্ত সাপেক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে।

Leave A Reply