Breaking

আৰ্থিক অনাটনৰ সৈতে যুজি চাপৰৰ সন্দিপন দাসৰ কৃতিত্ব

0 17

মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ইপিনে পৰিয়ালৰ আৰ্থিক অনাটন। এপিনে মাতৃ সেৱা কৰাৰ লগতে দৰিদ্ৰতাৰ সৈতে যুজঁ দিওঁ নিজৰ লক্ষ্য স্হানৰ পৰা বিচলিত হোৱা নাই চাপৰৰ এগৰাকী ছাত্ৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ তথা ইংৰাজী বিষয়ত লেটাৰ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হ’ল চাপৰৰ সন্দিপন দাস।

চাপৰ বজাৰৰ নিবাসী তুষাৰ কান্তি দাস আৰু সংগীতা মৈত্ৰৰ একমাত্ৰ পুত্ৰ সন্দিপন দাস। বহু দিন ধৰি মাতৃ বেমাৰত ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মাতৃ সেৱা কৰাৰ লগতে নিজৰ শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল ছাত্ৰ গৰাকী। আৰ্থিক অনাটনৰ বাবে পিতৃয়ে পুত্ৰক দিব পৰা নাছিল কোনো এটা বিষয়তে টিউশ্যন।

কিন্তু দৰিদ্ৰতাই যে শিক্ষাৰ বাবে হেঙাৰ হ’ব নোৱাৰে তাকে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ছাত্ৰ গৰাকী। এপিনে পুত্ৰৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃ আৰু আনপিনে পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালে। বাণিজ্য বিভাগত পঢ়াৰ ইচ্ছা থকা ছাত্ৰ জনৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক। কাৰণ আৰ্থিক অনাটনৰ বাবে যেন সপোন সপোন হৈয়ে ৰব একমাত্ৰ পুত্ৰৰ। পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ ওচৰত সহায় বিচাৰিছে সন্দিপনৰ দুখীয়া পৰিয়ালে।

Leave A Reply