Breaking

ছানিয়া মিৰ্জাৰ অৱসৰ! ডুবাইত প্ৰথম ৰাউণ্ডতে পৰাজয়ৰ সন্মুখীন ছানিয়া মিৰ্জা…

0 76

ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই কেৰিয়াৰৰ অন্তিমখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।ডব্লিউ টি এ ডুবাই ডিউটি ​​ফ্ৰী চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডত ছানিয়া আৰু তেওঁৰ সংগী মেডিচন কিছে ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হয়। ভাৰ্ন’কিয়া কুডাৰমেটোভা আৰু লিউডমিলা ছামছ’নোভাক ৪-৬, ০-৬ গ’লত পৰাস্ত কৰে। ছানিয়া মিৰ্জাই শেহতীয়াকৈ টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল আৰু এইখন আছিল তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ শেষৰ খন খেল।


ষ্টাৰ ইণ্ডিয়ান টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচত ডুবাই ডিউটি ​​ফ্ৰী চেম্পিয়নশ্বিপত প্ৰৱেশ কৰে আমেৰিকান সংগী মেডিচন কিছৰ সৈতে। ৰাছিয়াৰ শক্তিশালী যুটি ভাৰ্নোকিয়া কুডাৰমেট’ভা আৰু লিউডমিলা ছামছ’নোভাৰ সৈতে মুখামুখি হয়। এই খেলখনত সকলোৱে আশা কৰিছিল যে ছানিয়াই নিজৰ খেলৰ যাদু দেখুৱাব আৰু এই খেলখনত নিজৰ নাম জিলিকাই তুলিব। কিন্তু এনে নহ’ল আৰু প্ৰথম ৰাউণ্ডতে তেওঁ ৪-৬, ০-৬ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।

ছানিয়া আছিল ভাৰতৰ সফল মহিলা টেনিছ খেলুৱৈ-
২০০৯ চনত ছানিয়াই কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ২০০৯ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত মহেশ ভূপথীৰ সৈতে মিক্সড ডাবলছ চেম্পিয়ন হৈছিল। ইয়াৰ পিছত ২০১২ চনৰ ফ্ৰেন্স অ’পেন আৰু ২০১৪ চনৰ ইউ এছ অ’পেনত মিক্সড ডাবলছতো খিতাপ দখল কৰে। ইয়াৰ পিছত ২০১৫ চনত ছানিয়াই উইম্বলডন আৰু ইউ এছ অ’পেনত মহিলা ডাবলছৰ খিতাপ দখল কৰিছিল। ২০১৬ চনত অষ্ট্ৰেলিয়ান অ’পেনত মহিলা ডাবলছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। এইদৰে তেওঁ কেৰিয়াৰত মুঠ ৬ টা ডাবলছ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ইয়াৰ উপৰিও ২০০৫ চনৰ ১৩ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ছানিয়াই মহিলা ডাবলছত ১ নং ৰেংকিং লাভ কৰিবলৈ সক্ষম হয়।


Leave A Reply