Breaking

ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ বন্ধন বেংকৰ

0 61

খাৰুপেটীয়া

 সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰিছে৷ তেনে ক্ষেত্ৰত আৰক্ষী, সেনা জোৱানসকলে দিন ৰাতি একাকাৰ কৰাৰ লগতে নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ কৰ্মত নিয়োজিত হৈ কৰ্ম কৰি গৈছে৷ লকডাউনৰ সময়ত সমাজৰ লগতে দেশক সুৰক্ষিত ৰক্ষাৰ্থে কৰ্মত ব্যস্ত থকা আৰক্ষীসকলৰ মাজত বিতৰণ কৰা হয় মাস্ক আৰু ছেনিটাইজাৰ৷ বিভিন্ন সামাজিক কামত জড়িত হৈ অহা বন্ধন বেংকৰ ধুলা শাখাই লকডাউনৰ মাজতে ধুলা আৰক্ষীৰ মাজত ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে। বুধবাৰে দিনৰ ভাগত বন্ধন বেংক ধুলা শাখাৰ প্ৰবন্ধক ডেভিছ কলিতা আঞ্চলিক প্ৰবন্ধক দ্বীপেন কলিতাৰ লগতে সহকৰ্মী সুৰেশ ডেকা আৰু নয়ন নাথৰ উপস্থিতিত ধুলা থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ লগতে কেইবাজনো আৰক্ষী জোৱানক মাস্ক ,ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীক নিজৰ দায়িত্বত উৎসাহিত কৰিবলৈ গামোচাৰে সম্বৰ্ধনা জনায় বন্ধন বেংকৰ ধুলা শাখাৰ কৰ্মকৰ্তাই। আনহাতে বন্ধন বেংকৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে ধুলা আৰক্ষীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply