Breaking

তামুলপুৰত বিশ্ব আদিবাসী দিৱসত সংকল্প দিৱস পালন

0 1,544

আদিবাসী চেংগেল অভিযান, তামুলপুৰ ব্লক সমিতিৰ উদ্যোগত ৯ আগষ্টত তামুলপুৰ জিলাৰ আমবাৰী সৰুভেৰা খেলপথাৰত বিশ্ব আদিবাসী দিৱসৰ দিনা সংকল্প দিৱস পালন কৰা হয়।সংকল্প দিৱসৰ দিনা আদিবাসী সকলৰ পাচটা দাবীৰ সমৰ্থনত এক শোভাযাত্ৰা আৰু উলিওৱাৰ অন্তত এক সভা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে ভাৰতৰ বিহাৰ, পশ্চিম বঙ্গ,উৰিষ্যা, ঝাৰখণ্ড আৰু অসম এই পাঁচখন ৰাজ্যৰ ৫০ খন জিলাৰ ২৫০ টা ব্লকৰ আদিবাসী লোক সকলে পাঁচটা দাবীৰ সমৰ্থনত সংকল্প দিৱস পালন কৰি এই দাবী কেইটা সমাধানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave A Reply