আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন।(Sankardeva Sangha Jorhat) চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শংকৰদেৱ সংঘৰ অধিৱেশন। যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ভকত বৈষ্ণৱৰ সমাগম হৈছে যোৰহাটত।
কোনো যদি গাড়ীত আহিছে, কোনোজন আহিছে চাইকেল অথবা খোজকাঢ়ি। তাৰে এগৰকী পদযাত্ৰা কৰি আহিছে লালুকৰ পৰা। সম্পূৰ্ণ ন দিন ধৰি পদযাত্ৰা কৰি এই বিশেষ ভক্ত গৰাকী বুধবাৰে উপস্থিত হয় যোৰহাটৰ অধিৱেশনস্থলীত।