Breaking

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ অঙ্কীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ

0 1,482

উজনি-মাজুলী, ১০ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা এটিৰ বুধবাৰে শুভাৰম্ভ কৰা হয় | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু, বুদ্ধিন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ লগতে স্থানীয় গাঁৱৰ পুৰুষ-মহিলাসকলৰ উপস্থিতিৰে কণকণ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাটি আধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে বন্তি জ্বলাই শুভাৰম্ভণী ঘটায় | সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ সভাপতি  জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ চিনাকী পৰ্ব আৰু উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চটিৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত তেখেতে কয় যে অসমত জাতি-জনজাতিৰ সংমিশ্ৰণৰ মাজতে আছে সাংস্কৃতিক উপাদানৰ বৰ্ণিল যাত্ৰা | যি যাত্ৰাই সামৰি লয়, ভাষা, সাহিত্য আৰু স্বকীয় বৈশিষ্ট্য প্ৰাঞ্জলতা | সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাৰ দ্বাৰা সাধাৰণ লোকসকলৰ দৰে মিচিংলোকৰ বসতিপ্ৰধান অংঞ্চলতো ব্যাপক সাংস্কৃতিক প্ৰভাৱ পৰিব | মঞ্চৰ মুখ্য উদ্দেশ্যও সকলো শ্ৰেণীৰ লোকৰ সাংস্কৃতিক সজাগতা সৃষ্টি কৰা |এই অনুষ্ঠানৰ দ্বাৰা চেৰেপাই অঞ্চলটোত নিশ্চিতভাৱে সমৃদ্ধ কৰিব | ইয়াৰ পিছতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা মাজুলীৰ বিশিষ্ট সংগীত শিল্পী নৃপেন কলিতাই কৰ্মশালা সম্পৰ্কে কাৰিকৰী দিশ সামৰি প্ৰশিক্ষণ প্ৰণালী সন্দৰ্ভত বক্তব্য আগবঢ়ায় |ইতিমধ্যে ২৭ অক্টোবৰৰ পৰা এই স্থানতে এই মঞ্চৰ দ্বাৰা আগবঢ়াই থকা বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ পৰিচালনাত সত্ৰীয়া আৰু থলুৱা গীত-নৃত্য প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মাটি আখৰা, আৰু বৰগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে | মঞ্চৰ উপ-সভাপতি পদুম মহন্তই অঙ্কীয়া নাট কৰ্মশালাৰ সামগ্ৰিক দিশ উল্লেখ কৰি চেৰেপাই অঞ্চলত ইয়াৰ ব্যতিক্ৰম প্ৰয়াস গ্ৰহণ কৰাৰ বাবে সাংস্কৃতিক বিকাশ মঞ্চ,অসম আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰে | বিশিষ্ট শিল্পী, অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক-পৰিচালক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোচনা আগবঢ়ায় | সত্ৰীয়া গীত-নৃত্যৰ লগতে অঙ্কীয়া নাটৰ প্ৰশিক্ষণ বিষয়ক আলোচনাখিনিও বৰবায়নজনাই নিজৰ বক্তব্যত উল্লেখ কৰে | অঙ্কীয়া নাট প্ৰশিক্ষণৰ আগন্তুক এমাহজোৰা সময়খিনিত মুখ্য প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়ন, ৰাতুল চেকনিধৰা আৰু মঞ্চৰ পৰা বিশিষ্ট সংগীত সাধক – সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়া , উত্তৰ কমলাবাৰী সত্ৰৰ একনিষ্ঠ বৈষ্ণৱ-সাংস্কৃতিক কৰ্মী সৰ্বানন্দ দুৱৰীয়া আৰু সাংস্কৃতিক কৰ্মী যদু শইকীয়াক দায়িত্ব অৰ্পণৰ আনুষ্ঠানিকতা কৰে মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে | মঞ্চৰ অন্যতম কৰ্মকৰ্তা, সহকাৰী সম্পাদক বিশ্বনাথ মেধি, সৰ্বানন্দ দুৱৰীয়া, ভৰত পেগুৰ সহযোগিতা আছিল অতি গঠনমূলক | বিশেষকৈ নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু এজন বিশিষ্ট নেতা আৰু সাংস্কৃতিক কৰ্মী বুলি সুবাদ থকাৰ লগতে তেখেত আৰু গাঁৱৰ সহযোগীসকলৰ নিৰলস কৰ্মস্পৃহা আৰু ন-উদ্যমৰ ফলশ্ৰুতিতে এই মহান অনুষ্ঠানটি আগবাঢ়িছে বুলি শলাগৰ শৰাই আগবঢ়াই বক্তব্য ৰাখে মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকায় | আগন্তুক এমাহজোৰা সময়খিনিত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰি সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সভাখনিৰ সফল সামৰণি ঘটায় |

Leave A Reply