Breaking

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জ্যোতি চিত্ৰবনত গছপুলি ৰোপণ

0 20

ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংস্থা ” লেংডন ফাউণ্ডেশ্যন”ৰ আজি সোমবাৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদৰ চৌপাশে প্ৰায় এশটা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।

এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে ।

আনহাতে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অধ্যক্ষ বিদ্যাসাগৰ , লেখিকা ৰেখা বৰগোহাঁই , কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই , ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডঃ মনোৰঞ্জন বৰগোহাঁই , তৰুণ চন্দ্ৰ বৰগোহাঁই , ৰাজীৱ পানীফুকন, সচিব জিতুৰাজ শইকীয়াই গছৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ ওপৰত আলোকপাত কৰে ।

Leave A Reply