Saraswati Puja: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। জ্ঞান আৰু(Saraswati Puja) শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত চৌপাশ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।

এইবাৰ কালি আৰু আজি দুদিনীয়াকৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।বেদ-মন্ত্ৰৰ ধ্বনিৰে মুখৰিত শিক্ষানুষ্ঠানসমূহ, প্ৰতিষ্ঠান সমূহ।সৰস্বতী মা ওচৰত বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ, হোমাগ্নিৰে মুখৰিত।ধূপ-ধূনাৰে প্ৰাৰ্থনা শিক্ষাৰ্থীসকলৰ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন শিক্ষানুষ্ঠানসমূহ, প্ৰতিষ্ঠান।

Related Articles