ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰচ ভোটিঙক লৈ সৰৱ বিধায়ক অখিল গগৈ

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ ক্ৰচ ভোটিঙক লৈ সৰৱ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । আজি শিৱসাগৰত ৰাজনীতিকৰ এনে নীতিহীন কৰ্মক লৈ সৰৱ হৈ পৰে অখিল গগৈ । তেওঁ কয় যে কালি সম্পন্ন হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত সমগ্র ভাৰতত ১০৪ টা ক্ৰচ ভোটিং হয় । ইয়াৰ ভিতৰত ২৫ টা ক্ৰচ ভোটিং অসমৰ ।

এনে পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতৰ দগাবাজ-বদমাচ ৰাজনীতিকৰ ভিতৰ অসমত এক চুতুৰ্থাংশ বদমাচ ৰাজনীতিক আছে। এনে ক্ৰচ ভোটিং কেৱল এআইইউডিএফ দলৰ তৰফৰ পৰা হোৱা নাই।

কংগ্ৰেছ দলৰো বহু বিধায়ক বিক্ৰী যোৱা বুলি গগৈয়ে সমালোচনা কৰে । তেওঁ নীতি-আদৰ্শহীন ৰাজনৈতিক পৰিস্থিতিৰ সমালোচনা কৰি কয় যে এতিয়া একাংশ ৰাইজৰ প্ৰতিনিধি গোটে গোটে বিক্ৰী হ’ব ধৰিছে ।এইয়া ভাৰত তথা অসমৰ ৰাজনীতিৰ বাবে ভাল লক্ষণ নহয়। আনহাতে তেওঁ নিজে বিজেপি বিৰোধী ইউপিএৰ প্ৰাৰ্থীক ভোটদান কৰা বুলি সদৰি কৰে।

Related Articles