Breaking

সাংবাদিক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ সোণোৱালৰ

0 48

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। জীৱনলৈ সংশয় অহাৰ কথা অৰ্ণৱে নিজেই প্ৰকাশ কৰিছিল। আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনাইছে। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি নিজৰ টুইটাৰত প্ৰকাশ কৰিছে এই কথা। সোণোৱালে গোস্বামীৰ পৰিয়ালৰ অনুৰোধ মৰ্মে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰেক এই অনুৰোধ জনাইছে।

মনকৰিবলগীয়া, সাংবাদিক গোস্বামীৰ মোমায়েক অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুৰোধত মুখ্যমন্ত্ৰী সোণোৱালে উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰা বুলিও চৰ্চা লাভ কৰিছে। অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল যদিও আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে। আৰক্ষীয়ে নিজৰ জিম্মাত নোপোৱাৰ বাবেই আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল সাংবাদিক গৰাকীয়ে।

“মই ভাৰতৰ জনতাক জনাব খুজিছো যে মোৰ জীৱনলৈ ভাবুকি আহিছে। তেওঁলোকে কয় যে অধিবক্তাৰ সৈতে কথা পাতিব নোৱাৰিব। মোক অত্যাচাৰ কৰা হৈছে। মোৰ আৰক্ষী জিম্মাৰ আবেদন আদালতে খাৰিজ কৰিলে। তেওঁলোকে মোক মুকলি হৈ অহাটো বিচৰা নাই। আজি পুৱাও মোক চোচৰাই আনিছে।” ৰিপাব্লিক টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰিত অৰ্ণৱ গোস্বামীয়ে এইদৰে কোৱা দেখা গৈছে।

বুধবাৰে আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে অৰ্ণৱ গোস্বামী দেওবাৰে তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। এখন আৰক্ষীৰ বাহনত তাল’জা কাৰাগাৰলৈ নি থকাৰ সময়তে খিৰিকীৰেদি অৰ্ণৱ গোস্বামীয়ে চিঞৰি এইদৰে কোৱা দেখা গৈছিল।

Leave A Reply