Breaking

সত্যকাম হাজৰিকাক প্ৰত্যাহ্বান আমছাৰ : ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মঙ্গলদৈত সংবাদমেল যোগে আহবান ।

0 1,062

মঙ্গলদৈ : কৰোণা মহামাৰী সম্পৰ্কত ডাঃ সত্যকাম হাজৰিকাই কৰা মন্তব্যক প্ৰত্যাহ্বান জনাইছে অসম চিকিৎসা সেৱা সন্থাই। কালি মঙ্গলদৈ ইউথ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত চিকিৎসা সেৱা সন্থা চমুকৈ আমছাৰ সভাপতি ডাঃ ননী গোপাল চহৰীয়াই অভিযোগ কৰি কয় যে এই ভয়াবহ মহামাৰীৰ সময়ত সত্যাকাম হাজৰিকাই ৰাইজক বিপথে পৰিচালিত কৰিছে। যিটো সময়ত বিশ্ব স্বাস্থ্য সন্থা চমুকৈ Who আৰু ভাৰতীয় চিকিৎসা সন্থাই এই ভয়াবহ মহামাৰীৰ বিষয়ে ঘোষণা কৰাৰ সময়ত সত্যাকাম ফুকনৰ মন্তব্য কোনো যুক্তি সংগত নহয় বুলি দাবী কৰে। বিশ্বজুৰি সৃষ্টি হোৱা সৃষ্টি হোৱা ভয়াবহ কৰোণা মহামাৰী প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ তথা অসম চৰকাৰে লোৱা পদক্ষেপক যুক্তিসংগত বুলি দাবী কৰি ভয়াবহ মহামাৰীৰ সময়ত এনে মন্তব্য আইন বিৰুদ্ধ বুলিও কয়। সত্যকাম ফুকনে কোৱাৰ দৰে যিকোনো ৰোগীৰ অস্ৰোপ্ৰচাৰৰ সময়ত তেওঁ মাস্ক পৰিধান নকৰে বুলি কোৱা যুক্তি সংগত নহয় বুলি কয়। কৰোণা মহামাৰীৰ ভয়াবহতাৰ সময়ত অকল অসমতে ২৭২৯ জন চিকিৎসকে সেৱা আগবঢ়াই আছে। এই সকল চিকিৎসক আৰু স্বাস্থ্য কৰ্মী উৎসাহ দিয়াহে প্ৰয়োজন বুলি তেওঁ কয়। আনহাতে চৰকাৰে এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য কৰা লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰি তাক আমছাই পৰ্যবেক্ষণ কৰা বুলিও জানিব দিয়ে। সংবাদ মেলত আমছাৰ বিষয়ববীয়া ডাঃ মুনীন্দ্ৰ ভূঞা আৰু ডাঃ অনিল শৰ্মা উপস্থিত থকা সংবাদ মেলখনত এনে ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিয়ন নাজাবলৈ ৰাইজক আহবান জনায়। ইয়াৰ উপৰি অসমবাসী ৰাইজক সদা সচেতন আৰু সজাগ হবলৈ আহবান জনায় সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহবান জনাইছে।

Leave A Reply