Breaking

নগাঁৱৰ অধিকাংশ উন্নয়ন খণ্ডতে সৌৰ চাকি স্থাপনৰ নামত কেলেংকাৰী

0 98

নগাঁও

নগাঁও জিলাৰ বাজিগাঁও উন্নয়ন খণ্ডত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই অভিযোগ কৰা মতে, বাজিগাঁও উন্নয়ন খণ্ডত তথ্য জনাৰ অধিকাৰ আইন আইনৰ অধীনত যোৱা ২১ জানুৱাৰীত আবেদন কৰা হৈছিল যদিও আজি পৰ্যন্ত বিচৰা তথ্য দিয়াৰ পৰা বিৰত থাকে। পৰৱৰ্তী সময়ত নিয়ম অনুসৰি আকন্দ‌ই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওপৰত প্ৰথম আপীল কৰ্তৃপক্ষই হিচাপে প্ৰথম আপীল দাখিল কৰে। এই আবেদন দাখিল কৰাৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো শুনানী গ্ৰহণ কৰাতো দূৰৰে কথা কোনো চিঠিও দিয়া নাই। সমান্তৰাল ভাবে কঠিয়াতলী, বঢ়মপুৰ, কলিয়াবৰ উন্নয়ন খণ্ডতো  একে তথ্য বিচাৰি আবেদন কৰাৰ পিছত কোনো উত্তৰ নিদিয়াত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত আপীল কৰিছিল যদিও কোনো শুনানী গ্ৰহণ কৰা নাই। এই উন্নয়ন খণ্ড সমুহত অকল সৌৰ চাকিয়েই নহয় চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ কৰা অধিকাংশ আচনিতে ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে আকন্দ‌ই। এই সমগ্ৰ দুৰ্নীতি অনিয়ম কাৰ্যত পঞ্চায়ত সচিব, কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ লগত মিলি অতি নিম্ন মানৰ কাম কৰি ব্যাপক লুন্ঠন চলাইছে। যাৰ বাবে দুৰ্নীতি অনিয়ম‌ ফাদিল হোৱাৰ ভয়ত তথ্য দিয়াৰ পৰা বিৰত আছে বুলি আকন্দ‌ই অভিযোগ কৰিছে।

Leave A Reply