Breaking

বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ প্ৰহাৰ …

0 169

বিলাসীপাৰাত এজন চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ দল এটাই জোং ,যাঠি,চোকা অস্ত্ৰৰে মাৰপিট কৰা ভিজুৱেল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুস্কৃতিকাৰীৰ দলটোই বিদ্যালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল কৰিমক বিদ্যালয় খনৰ পৰা জোৰ পূৰ্বক ডাঙি লৈ খেতিপথাৰত নিয়ে। তাৰ পিছতে দলটোই কৰ্মচাৰী জনক গুৰুলা -গুৰুল কৈ প্ৰহাৰ কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।


এনে ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |সম্প্ৰতি কৰ্মচাৰী জনক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে | ঘটনা সন্দৰ্ভত কৰ্মচাৰী জনৰ পৰিয়ালৰ লোকে ঘটনাত জড়িত থকা মহিনুৰ ৰহমান ওৰফে কেতু,আনাৰুল হক,আনিছুৰ ৰহমান,আব্দুল মকছেদ,খদেজা বেওৱা আৰু ৰছিদা বিবিৰ নামত বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply