Breaking

সমুদ্ৰৰ ঢৌ নহয় মুম্বাইত এইবাৰ ক’ভিডৰ ঢৌ

0 2,035

সমুদ্ৰৰ ঢৌৱে দিনে-নিশাই স্পৰ্শ কৰি থকা মুম্বাইত এইবাৰ ক’ভিডৰ তৃতীয় ঢৌ উঠিছে। নববৰ্ষৰ প্ৰথম দিনটোতে দেশবাসীক চিন্তাত পেলাইছে ক’ভিড-১৯ ভাইৰাছে।নববৰ্ষৰ শুভেচ্ছাবাণীত হয়তো সকলোৱে আশা কৰিছে যাতে ক’ভিড-১৯ৰ বাবে সৃষ্টি  হোৱা ভয়াৱহ দিনবোৰ আকৌ উভতি নাহক, নতুন প্ৰভাতত সকলো সুস্থিৰ হওক। কিন্তু, তাৰে বিপৰীত খবৰ আহিছে মুম্বাই তথামহাৰাষ্ট্ৰৰ পৰা। আকৌ ল’কডাউনৰ আশংকা আহি পৰিছে ৰাজ্যখনত।

হঠাতে ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰতাৰে বাঢ়িছে।যোৱা ৪৮ ঘণ্টাত ক’ভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত দুগুণলৈ বৃদ্ধি পাইছে।এই খবৰে স্বাভাৱিকতে সকলোকে চিন্তাতপেলাইছে।

তথ্যমতে,শুকুৰবাৰে ৮,০৬৭ জনৰ দেহত ধৰা দিছে ক’ভিড-১৯ ভাইৰাছ।যি সংখ্যা বুধবাৰলৈ আছিল মাত্ৰ  ৩৯০০। কেৱল মুম্বাইতে শুকুৰবাৰে ৫,৪২৮নতুন আক্ৰান্ত ধৰা পৰিছে, যি সংখ্যা বুধবাৰলৈ আছিল মাত্ৰ ২,৪৪৫।ৰাজ্যখনৰস্বাস্থ্য বিভাগে আশংকা ব্যক্ত কৰিছে যে যদিহে এইহাৰতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়, তেন্তে জানুৱাৰীৰ তৃতীয় সপ্তাহলৈ আক্ৰান্তৰ সংখ্যা ২ লাখ হ’বগৈ।

Leave A Reply