Breaking

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত এলেকাত ১৪৪ ধাৰা জাৰি

0 38

কলিয়াবৰ

সমাগত বাৰিষাৰ বান। বানৰ ভয়াবহতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সকলো প্ৰকাৰে তৎপৰ হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন, জাৰি কৰিছে ১৪৪ ধাৰা। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এলেকাত উদ‍্যানৰ পৰা পানী বঢ়াৰ লগে-লগে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিব উদ‍্যানৰ জীৱকূল। ৰাষ্ট্ৰীয় পথত বাহনৰ গতি নিয়ন্ত্ৰণৰ লগতে ৰাইজৰ সমাগমৰ ওপৰতো প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা জাৰি কৰিছে মহকুমা প্ৰশাসনে। আনহাতে, ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই সমাগত বানৰ প্ৰতি লক্ষ‍্য ৰাখি টঙালি বান্ধিছে জীৱকূলক ৰক্ষা কৰিবলৈ।

Leave A Reply