Breaking

সূৰ্য্যকুমাৰ যাদৱৰ পৰা বাবৰ আজমলৈকে আইচিচি বঁটা ২০২২ৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা চাওক

0 71

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈ আৰু দলৰ ঘোষণা ২০২২- ২০২০ বৰ্ষত। সূৰ্য্যকুমাৰ যাদৱৰ পৰা বাবৰ আজমলৈকে আইচিচি বঁটা ২০২২ৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা আগবঢ়োৱা হ’ল-
ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈ আৰু দল ঘোষণা কৰা হৈছে। পাকিস্তানৰ বাবৰ আজমক শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।২০২২ বৰ্ষৰ বাবে ক্ৰিকেট জগতৰ ১৮টা ডাঙৰ বঁটা ঘোষণা কৰা হৈছে। ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত মুঠ ১৮টা ভিন্ন শিতানত আইচিচি বঁটা ঘোষণা কৰা হয়। ইয়াৰে ৫টা দলীয় বঁটা আৰু ১৩টা ব্যক্তিগত বঁটা। ইয়াত পাকিস্তানৰ বাবৰ আজমক শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে ইংলেণ্ডৰ নাট শ্বিভাৰক শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়। ভাৰতীয় খেলুৱৈৰ মাজত সূৰ্যকুমাৰ যাদৱ আৰু ৰেনুকা সিঙেও বিভিন্ন শাখাত বিজয়ী হয়।

দলীয় বঁটা:
১) আইচিচিৰ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় বছৰৰ শ্ৰেষ্ঠ দল : স্মৃতি মান্ধনা, বেথ মুনী, ছফী ডেভিন (গ), এছ গাৰ্ডনাৰ, তাহলিয়া মেকগ্ৰাথ, নিদা দাৰ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (wk), ছফী এক্লেষ্টোন, ইনোকা ৰানাৱীৰা, ৰেনুকা সিং।

২) আই চি চিৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় বছৰৰ শ্ৰেষ্ঠ দল : জোছ বাটলাৰ (অধিনায়ক-উইকেটকীপাৰ), মহম্মদ ৰিজৱান, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, গ্লেন ফিলিপছ, চিকন্দৰ ৰাজা, হাৰ্দিক পাণ্ডিয়া, ছেম কৰণ, বানিন্দু হাছাৰাংগা, হৰিছ ৰাউফ, জোছুয়া লিটল।

৩) আই চি চিৰ পুৰুষৰ বছৰৰ এদিনীয়া দল : বাবৰ আজম (অধিনায়ক), ট্ৰেভিছ হেড, শ্বাই হোপ, শ্ৰেয়াছ আয়াৰ, টম লাথাম (উইকেটকীপাৰ), চিকন্দৰ ৰাজা, মেহদি হাছান মিৰাজ, আলজাৰী জোচেফ, মহম্মদ চিৰাজ, ট্ৰেণ্ট ব’ল্ট, আদম জাম্পা।

৪) আইচিচিৰ বছৰৰ এদিনীয়া এদিনীয়া দল : এলিছা হিলী (wk), স্মৃতি মান্ধনা, ল’ৰা উল্ডৱাৰ্ট, নেট শ্বিভাৰ, বেথ মুনী, হৰমনপ্ৰীত কৌৰ, আমেলা কেৰ, ছফী এক্লেষ্টোন, আয়াবংগা খাকা, ৰনুকা সিং, শ্ববনীম ইছমাইল।

৫) আই চি চিৰ বছৰৰ পুৰুষৰ টেষ্ট দল : উছমান খোৱাজা, ক্ৰাইগ ব্ৰাথৱেইট, মাৰ্নাছ লাবুছাগনে, বাবৰ আজম, জনী বেয়াৰষ্টো, বেন ষ্ট’কছ (অধিনায়ক), ঋষভ পণ্ট (উইকেটকীপাৰ), পেট কামিন্স, কাগিছ’ ৰাবাদা, নাথান লায়ন, জেমছ এণ্ডাৰছন।

ব্যক্তিগত বঁটা:
৬) আই চি চিৰ পুৰুষৰ বছৰৰ সহযোগী ক্ৰিকেটাৰ : নামিবিয়াৰ অধিনায়ক গেৰহাৰ্ড ইৰাছমাছ
৭) আই চি চিৰ বছৰৰ মহিলা সহযোগী ক্ৰিকেটাৰ : ইউ এ ইৰ ইছা ওজা
৮) আই চি চি পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বছৰৰ শ্ৰেষ্ঠ : ভাৰতীয় বেটছমেন সূৰ্য্যকুমাৰ যাদৱ
৯) আই চি চি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বছৰৰ শ্ৰেষ্ঠ : অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ তাহিলা মেকগ্ৰাথ
১০) আই চি চিৰ বছৰৰ উদীয়মান পুৰুষ ক্ৰিকেটাৰ : দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ মাৰ্কো য়ানচিন
১১) আই চি চিৰ বছৰৰ উদীয়মান মহিলা ক্ৰিকেটাৰ : ভাৰতৰ বেগী বলাৰ ৰেণুকা সিং
১২) আইচিচিৰ বছৰৰ আম্পায়াৰ : ৰিচাৰ্ড ইলিংৱৰ্থ
১৩) আই চি চিৰ পুৰুষৰ এদিনীয়া ক্ৰিকেটাৰ বছৰৰ শ্ৰেষ্ঠ : পাকিস্তানী অ’পেনাৰ বাবৰ আজম
১৪) আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ : ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট শ্বিভাৰ
১৫) আই চি চিৰ বছৰৰ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ : ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ বেন ষ্ট’কছ
১৬) ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী (আই চি চিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ): নেট শ্বিভাৰ
১৭) ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফী (আই চি চি পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ): বাবৰ আজম
১৮) আই চি চি স্পিৰিট অৱ ক্ৰিকেট বঁটা : নেপালৰ আছিফ শ্বেখ

Leave A Reply