Breaking

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হ’লেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ’ব- উদ্যোগ মন্ত্রী বিমল বড়া

0 34

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হলেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ’ব- অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগম, অসম ষ্টাৰ্টআপ, আৰু আইটিচিৰ সহযোগত ৰেডিঅ’ গপ ছপে আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যৰ দহ গৰাকী উদ্যমী মহিলাৰ সফলতাৰ কাহিনী উদ্ভাসিত কৰা অগ্ৰগামিনী শীৰ্ষক এখন তথ্য চিত্ৰ উন্মোচন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই ভাষণত এইদৰে কয়।


নাৰীক প্ৰকৃতি বুলি উল্লেখ কৰি আমাৰ মহিলাসকলৰ শক্তিক, চিন্তাক ব্যৱসায়িক কামকাজলৈ ৰূপান্তৰিত কৰিব পাৰিলে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা আত্ম নিৰ্ভৰ ভাৰতৰ সপোনক বাস্তবায়িত কৰিবলৈ সক্ষম হ’ম বুলি উদ্যোগ মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনক দেশৰ পাচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত উপনীত কৰোৱাৰ বাবে উদ্যোগিক ক্ষেত্রখনৰ উত্তৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি ইয়াৰ ফলশ্রুতিতে বিগত দুটা বছৰত প্ৰায় এঘাৰ হেজাৰ কোটি টকাৰ উদ্যোগিক বিনিয়োগ বাবে বুজাবুজিৰ চুক্তিত ৰাজ্য চৰকাৰ উপনীত হবলৈ সক্ষম হোৱা বুলিও মন্ত্রী গৰাকীয়ে কয়।


শেহতীয়াকৈ মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম আঁচনিৰ অধীনত দুই লাখ যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে মন্ত্রী গৰাকীয়ে ঘৰতে বিস্কুট তৈয়াৰ কৰি আৰু মৌ পালন কৰি আত্ম নিৰ্ভৰ হবলৈ সক্ষম হোৱা দুগৰাকী মহিলা উদ্যমীৰ উদাহৰণ দাঙিধৰাৰ লগতে অগ্ৰগামিনী শীৰ্ষক অসমীয়া মহিলা উদ্যমী কেইগৰাকীৰ ওপৰত আলোকপাত কৰি নিৰ্মাণ কৰা তথ্যচিত্ৰ খনে অন্যান্য মহিলা সকলকো স্ব নিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলিও মন্তব্য কৰে।


সভাত উদ্যমিতাৰে সফলতা লাভ কৰা চাৰিগৰাকী মহিলা উদ্যমীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে আই টিচি স্পাইচেছৰ বাণিজ্যিক মূৰব্বী পিযুষ মিশ্ৰই। অনুষ্ঠানত অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে ৰাজ্যৰ উদ্যমী সকলক চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই অহা সহযোগিতা সন্দৰ্ভত আলোকপাত কৰে।

Leave A Reply