বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে । বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ এতিয়া বিভিন্ন জনে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে ৷কিছুমানে যদি গাহৰি পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷কিন্তু এই চৰ্ত মতে লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদন।বিভিন্নজনৰ দৰে গুৱাহাটীৰ বাসিন্দা ৰেখা দাস নামৰ মহিলাগৰাকীও বন্ধন বেংকৰ লোণ লৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে ৷প্ৰথমে ১২ হেজাৰ টকাৰে লোনটো আৰম্ভ কৰিছিল ৰেখা দাসে ৷ সেই লোনেৰে ৰেখাই ফুটফাটত এখন ক্ষুদ্ৰ দোকান আৰম্ভ কৰিছিল আৰু এই দোকানৰ পৰাই তেওঁলোকৰ ঘৰ চলিছিল ।এনেদৰেই তেওঁ লোন বৃদ্ধি কৰি পাছলৈ তেওঁৰ সেই ক্ষুদ্ৰ দোকান খন নিৰ্মাণ কৰি এখন ডাঙৰ দোকান বনাবলৈ সক্ষম হ’ল । বন্ধনৰ পৰা লোন লৈ ৰেখা দাসে প্ৰথমে দুচকীয়া গাড়ীৰ পৰা তিনিচকীয়া অ’টও কিনিবলৈও সক্ষম হৈছে ।কেইবাবছৰো লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে ৰখাই ৷ৰেখাই আমাৰ সাংবাদিকৰ আগত কয় যে ‘,বন্ধনৰ পৰা মই বহুত সহায় পাইছোঁ । সেই বাবে বন্ধন মই কেতিয়াও এৰিব নুখুজোঁ ।”মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰফাইনেন্সৰ লোন লোৱা বন্ধ কৰি দিব কোৱাৰ সন্দৰ্ভত ৰেখাই কয়, “কিস্তি দি থাকিম আমাক লোন লাগিব কাৰণ এই লোনৰ জৰিয়তে আমি বহুত সহায় পাইছোঁ । বেলেগ বেংকত লোন এটা লব গলে আমাৰ বহুত অসুবিধা হয় ।কিন্তু বন্ধন বেংকত আমি অতি সহজে লোন পাও আৰু ইমান দিনে এনেদৰেই লোন লৈ আমি সফল হৈছোঁ।সেই কাৰণে মই ভাবো যে বন্ধনৰ পৰা আমি একো অপকাৰ নহয় উপকাৰ হে পাইছো ।”বৰ্তমানলৈকে ৰেখাই বন্ধনৰ কিস্তি চলাই আছে আৰু তেওঁৰ কিস্তি শেষ হোৱাত তেওঁ এতিয়া পুনৰ লোন লব বিচাৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ