Breaking

বাল্খ প্ৰদেশত তালিবানৰ বিৰুদ্ধে যুঁজ দিয়া মহিলা আফগান গভৰ্ণৰ চেলিমা মাজাৰীক গ্রেপ্তাৰ

0 1,583

তালিবানৰ তাণ্ডৱত যেতিয়া আফগানিস্তানত এজনৰ পিছত এজনকৈ ৰাজনৈতিক নেতাসকলে জীৱন ৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰিছিল, সেই সময়তে তালিবানৰ ৰঙা চকুক প্রত্যাহ্বান জনাই হাতত বন্দুক তুলি লৈছিল আফগানিস্তানৰ মহিলা গভৰ্ণৰ ছালিমা মাজাৰিয়ে৷ সেই ছালিমা মাজাৰি এতিয়া তালিবানৰ হাতত বন্দী৷ আশ্রফ ঘানি চৰকাৰৰ শাসন কালত আফগানিস্তানত তিনিগৰাকী মহিলাই গৱর্নৰৰ দায়িত্ব লাভ কৰিছিল৷ সেই তিনিগৰাকী গভৰ্ণৰৰ ভিতৰত অন্যতম হৈছে ছালিমা মাজাৰি৷

তালিবানে ইখনৰ পাছত সিখন প্রদেশ সহজে দখল কৰি আহিছিল৷ তেতিয়াই বল্খ প্রদেশ ৰক্ষাৰ বাবে ছালিমাই হাতত তুলি লৈছিল বন্দুক৷ বল্খ সেনাই ছালিমাৰ বাবে লাভ কৰিছিল অনুপ্রেৰণা৷ গতিকে প্রদেশখনত তালিবানৰ তীব্র প্রত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল৷ উভয় পক্ষৰ তুমুল যুদ্ধ হয় ঠিকেই, কিন্তু তালিবানৰ যোদ্ধা আছিল যথেষ্ট বেছি৷ গতিকে অৱশেষত ছালিমাৰ বাহিনী পৰাভূত হ’বলগীয়া হয়৷ ছালিমাৰ ছাহাৰ কিণ্ট জিলাও দখল কৰে তালিবানে৷ তেতিয়াই তালিবানৰ হাতত বন্দী হ’বলগীয়া হয় গভৰ্ণৰগৰাকী৷ তথাপি ছালিমাৰ কাহিনীয়ে এতিয়া সমগ্র বিশ্বৰ সংবাদ মাধ্যমত লাভ কৰিছে বিশেষ চর্চা৷

Leave A Reply